প্ৰত্যাহ্বান নেওচি ৰূপায়ণ কৰা হ’ব নতুন শিক্ষা নীতিঃ ১৮০ টা ভাষা, উপ-ভাষাত প্ৰকাশ কৰা হ’ব পাঠ্যক্ৰম…

প্ৰত্যাহ্বান নেওচি ৰূপায়ণ কৰা হ’ব নতুন শিক্ষা নীতিঃ ১৮০ টা ভাষা, উপ-ভাষাত প্ৰকাশ কৰা হ’ব পাঠ্যক্ৰম…

ডিজিটেল ডেস্কঃ শিক্ষাৰ উন্নয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব মুঠ জি ডি পিৰ ৬ শতাংশ। গুৱাহাটীত অনুষ্ঠিত নৰ্থ ইষ্ট এড্যুকেশ্যন কনক্লেভত এই মন্তব্য কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। জি এম চি এইছ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কনক্লেভত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শৈক্ষক উত্তৰণ শীৰ্ষক সন্মীলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, মানৱ সম্পদ প্ৰেৰণৰ প্ৰচুৰ সম্ভাৱনা আছে অসমত। উল্লেখ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা সন্মিলয় শনিবাৰলৈ মুঠ দুদিনীয়াকৈ অনুষ্ঠিত হ' ব।

তেওঁ কয়, শিক্ষাৰ উন্নয়নৰ বাবে দেশৰ মুঠ জি ডি পিৰ ৬ শতাংশ ব্যয়ৰ লক্ষ্য লোৱা হৈছে। দেশত মুঠ ২৬০ নিযুত শিক্ষাৰ্থী আছে। ইয়াৰে ১.২৫ কোটি শিক্ষাৰ্থী উত্তৰ পূৰ্বাঞ্চলৰ। মাতৃভাষাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে নতুন শিক্ষা নীতিয়ে। মাতৃভাষাৰ সম্ভাৱনীয়তাক সোণালী সুযোগলৈ ৰূপান্তৰিত কৰিব এই নতুন শিক্ষা নীতিয়ে।

ইয়াৰোপৰি তেওঁ কয়, বিশেষ শৈক্ষিক কেন্দ্ৰ হব গুৱাহাটী। শিক্ষাক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে জাগৰণৰ সৃষ্টি কৰিছে। শিক্ষা ক্ষেত্ৰলৈ কটন কলেজ-বিশ্ববিদ্যালয়েও আগবঢ়াইছে বিশেষ অৱদান। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৃথকৈ আলোচনা কৰিম। নতুন শিক্ষা নীতিত ইচ্ছানুসৰি অধ্যয়ন কৰাৰ সুযোগ আছে। বিশ্ব নাগৰিক গঢ়াৰ সুযোগ প্ৰদান কৰিছে নতুন শিক্ষা নীতিয়ে।

আনহাতে মাতৃভাষাৰ শিক্ষাৰ প্ৰসংগত তেওঁ কয়, অসমত আছে ৬৪ টা ভাষা। চাহ জনগোষ্ঠীৰ মাজতে প্ৰচলিত হৈ আছে প্ৰায় ১০ টা ভাষা। নতুন শিক্ষা নীতিৰ অন্যতম অংশীদাকৰ হৈছে শিক্ষাৰ্থীসকল। শিক্ষাৰ্থীসকলৰ প্ৰয়োজন কি সেই বিষয়টো জনাটো অতি প্ৰয়োজনীয়। এই বিষয়ে বিদ্যা ভাৰতীয়ে গৱেষণা কৰি আছে।

আনহাতে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, যোৱা এটা দশকত দেশৰ শৈক্ষিক জগতৰ বাবে সৰ্বোৎকৃষ্ট উপহাৰ হৈছে নতুন শিক্ষা নীতি। অধ্যাপক কস্তুৰী নন্দনে ক্ষেত্ৰভিত্তিক অধ্যনৰ কৰি তৈয়াৰ কৰিছে এই নতুন শিক্ষা নীতি। ২০৩৪ চনৰ ভিতৰত নতুন শিক্ষা নীতি সঠিকভাৱে ৰূপায়ণৰ সময় নিৰ্ধাৰণ কৰা হৈছে।

নতুন শিক্ষা নীতি সঠিকভাৱে ৰূপায়িত হলে বিশ্বক নেতৃ্তব প্ৰদান কৰিব বাৰতে। উত্তৰ পূ্ৰ্বাঞ্চলত আছে ১৮০ টা ভাষা-উপভাষা। এই ভাষাসমূহৰ বাবে প্ৰস্তুত কৰা হব পাঠ্যক্ৰম। প্ৰত্যাহ্বান থাকিলেও অসমত ৰূপায়ণ কৰা হব নতুন শিক্ষানীতি।

নতুিন শিক্ষা নীতিয়ে নতুন ভাৰত গঢ়াত উৎসাহ জগাব বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কয়, ভাৰতক সভ্যতাক লৈ সকলোৱে গৌৰৱ কৰে। কালৰ সোঁতত বহু সভ্যতাৰ বিলুপ্তি ঘটিল। ইয়াৰ বিপৰীতে চিৰ প্ৰবাহমান হৈ আছে ৬ হাজাৰ বছৰীয়া পুৰণি ভাৰতীয় সভ্যতা।

ইফালে এই সন্মিলনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উত্তৰণ কৰাৰ কথা ঘোষণা কৰে। আগন্তুক দুবছৰৰ ভিতৰত যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যাল (জে বি কলেজ), উত্তৰ লখিমপুৰ কলেজ, নগাওঁ কলেজ, শিৱসাগৰ কলেজ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক বিশ্বিদ্যালয়লৈ উত্তৰণ কৰা হব বুলি ঘোষণা কৰিছে। একেদৰে ৰাজ্যৰ অধিকাংশ কলেজকে প্ৰদান কৰিব স্বায়ত্বশাসন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in