উত্তৰ শালমাৰাত ভয়ংকৰ ঘটনা, চুৰিকাঘাতত আহত ৩

উত্তৰ শালমাৰাত ভয়ংকৰ ঘটনা, চুৰিকাঘাতত আহত ৩

ডিজিটেল সংবাদ, বঙাইগাঁওঃ অভয়াপুৰীৰ উত্তৰ শালমাৰাৰ বাৰীপুখুৰীত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ নাৰীজনিত কেলেংকাৰীৰ ৰাজহুৱা সভাত উন্মত্ত যুৱকৰ দলে চলায় চুৰিৰে আক্ৰমণ৷

ৰাইজৰ অভিযোগ মতে চনু দাস নামৰ যুৱক এজনৰ নেতৃত্বত চলে এই আক্ৰমণ৷ চুৰিৰ আঘাতত আহত হৈছে ৩ যুৱক৷ আক্ৰমণ কৰিয়ে যুৱকৰ দলটোৱে পলায়ন কৰে৷ ইতিমধ্যে শালমাৰা আৰক্ষীয়ে সোধাপোছাৰ বাবে চনু দাসৰ পিতৃ ব্ৰজ দাসক আটক কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in