উত্তৰ শালমাৰাত সমাপ্ত ভোটগণনা, কোনে লাভ কৰিলে কিমান আসন ?

উত্তৰ শালমাৰাত সমাপ্ত ভোটগণনা, কোনে লাভ কৰিলে কিমান আসন ?

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰায় ৩০ ঘন্টাযুৰি চলা ভোট গণনা অৱশেষত অন্ত পৰিল উত্তৰ শালমাৰাত৷ ভোটগণনাৰ অন্তত উত্তৰ শালমাৰাৰ ৫ খন জিলা পৰিষদ সদস্যৰ আসনৰ ভিতৰত এ আই ইউ ডি এফ দলে ২ খন, কংগ্ৰেছ, অগপ আৰু বিজেপি দলে ১ খনকৈ আসন লাভ কৰে৷

৩৭খন আঞ্চলিক পঞ্চায়ত আসনৰ ভিতৰত বিজেপি দলে ৭খন, অগপ দলে ৪খন, কংগ্ৰেছ দলে ১৮খন আৰু এ আই ইউ ডি এফ দলে ৮খন আসন লাভ কৰে৷ গাঁও পঞ্চায়ত সদস্যৰ ৩৭খন আসনৰ ভিতৰত বিজেপি দলে ৯ খন, অগপ দলে ৩ খন, কংগ্ৰেছ দলে ১৪ খন আসন, এ আই ইউ ডি এফ দলে ৯খন আৰু নিৰ্দলীয়ই ২খন আসন লাভ কৰে৷

গাঁও পঞ্চায়ত সদস্যৰ ৩৬১ খন আসনৰ ভিতৰত বিজেপি দলে ৮১খন, অগপ দলে ৫৫খন, কংগ্ৰেছ দলে ১৩৫ খন, এ আই ইউ ডি এফ দলে ৫৮ খন আৰু নিৰ্দলীয়ই ৩২ খন আসন লাভ কৰে৷ ফলাফলৰ পৰা উত্তৰ শালমাৰাত কংগ্ৰেছ দলে আধিপত্য লাভ কৰা দেখা যায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in