উত্তৰ নাওবান্ধাত হাতীৰ আক্ৰমণত কৃষকৰ মৃত্যু

উত্তৰ নাওবান্ধাত হাতীৰ আক্ৰমণত কৃষকৰ মৃত্যু

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত অব্যাহত থকা হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। দেওবাৰে  নিশা প্ৰায় ১১ বজাত ভেৰগাঁও মহকুমাৰ খাগ্ৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ নাওবান্ধা গাঁৱৰ ধৰমজুলিত নিজৰ পকা ধান পহৰা দিবলৈ যোৱা ৰঞ্জিত কয়া নামৰ ৫০ বছৰীয়া কৃষকজনক খাদ্যৰ সন্ধানত বৰনদী অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ অকলশৰীয়া হাতী এটাই আক্ৰমণ কৰি হত্যা কৰে৷

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈ এচিয়াৰ ভিতৰতে হাতী-মানুহৰ সংঘাতত সৰ্বাধিক লোকৰ মৃত্যু ঘটা বুলি এটা বেচৰকাৰী সংস্থাৰ সমীক্ষাত প্ৰকাশ পাইছে৷ চলিত বৰ্ষৰ বৰ্তমানলৈ ধনশ্ৰী বন সংমণ্ডলৰ অধীনস্থ ওদালগুৰি জিলাৰ এই উত্তৰাঞ্চলত হাতী-মানুহৰ সংঘাতত ১৯জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ইয়াৰ উপৰিও ৬টা বনৰীয়া হাতীৰো অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে। কিন্তু বন বিভাগে হাতী-মানুহ সংঘাত ৰোধৰ বাবে সজাগতা সভা পতাৰ বাহিৰে আন কোনো ফলপ্ৰসূ ব্যৱস্থা হাতত নোলোৱাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ এই সংঘাত ৰোধৰ ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰে তৎকালীনভাৱে পদক্ষেপ গ্ৰহণ নকৰিলে সদৌ আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকিয়াই দিছে ঘটনাস্থলীত উপস্থিত হোৱা আছাৰ নেতৃবৃন্দই৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in