উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ব্ৰজনাথ শৰ্মা সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্ন

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ব্ৰজনাথ শৰ্মা সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, লালুকঃ অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্ত্বশাসিত) অসমীয়া বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাঙ্গণত এখনি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ কাৰ্যসূচীৰ আৰম্ভণিতে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত হাছান শ্বৰিফ আহমেদৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷

অনুষ্ঠানটোৰ আঁতধৰে নাট্য সন্মিলনৰ জিলা সম্পাদক জয়ন্ত শইকীয়া আৰু যদুমণি বৰুৱাই৷ বক্তৃতানুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চেতিয়াই৷ উদ্বোধনী ভাষণত মহান নাট্যকাৰ ব্ৰজনাথ শৰ্মাই শংকৰদেৱৰ পিছতে নাট্য সাহিত্যৰ গুৰি ধৰিছিল বুলি উল্লেখ কৰি তাৰ বাবেই আজিও নাট্য চৰ্চাৰ স্থলীখন টনকিয়াল হৈ আছে বুলি মন্তব্য কৰে ড০ বিমান চেতিয়াই৷

বক্তৃতানুষ্ঠানৰ সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা লিলি চেলেঙে৷ বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম নাট্য সন্মিলনৰ কাৰ্যনিবাহক সদস্য দুলাল পূজাৰীয়ে ব্ৰজনাথ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজীৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷ নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ অৰবিন্দ ৰাজখোৱাই আজিৰ নৱ প্ৰজন্মই অসমৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই যোৱা স্বনামধন্য ব্যক্তিসকলৰ বিষয়ে অধ্যয়ণ কৰিবলৈ আগ্ৰহী নহয় বুলি আক্ষেপ প্ৰকাশ কৰে৷ বক্তৃতানুষ্ঠানত উপস্থিত থাকি লখিমপুৰ জিলা নাট্য সন্মিলনৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত বিদ্যালয় সমুহৰ উপ পৰিদৰ্শক কনকেশ্বৰ ডেকাই নাট্য সন্মিলনৰ বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে অৱগত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in