শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

এসপ্তাহত উত্তৰ কোৰিয়াৰ দ্বিতীয়টো মিছাইল নিক্ষেপ…

ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াই বুধবাৰে সাগৰত ২ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে।দেশখনে নিক্ষেপ কৰা দুয়োটা মিছাইল জাপানৰ ওচৰত অৱতৰণ কৰিছে। অৱশ্যে ই এক্সক্লুছিভ ইকনমিক জ’নৰ বাহিৰত পৰে। মনকৰিবলগীয়া যে উত্তৰ কোৰিয়াই এনে এক সময়ত এই মিছাইল নিক্ষেপ কৰিছে যিসময়ত চীনৰ বৈদেশিক মন্ত্ৰী দক্ষিণ কোৰিয়া ভ্ৰমণত আছে।

উল্লেখ্য যে এসপ্তাহতকৈও কম সময়ৰ ভিতৰত এইটো উত্তৰ কোৰিয়াৰ দ্বিতীয় মিছাইল উৎক্ষেপণ। বিশেষজ্ঞসকলে কৈছে যে উত্তৰ কোৰিয়াৰ এই মিছাইল উৎক্ষেপণ চীন আৰু জাপানৰ বাবে এক প্ৰকাৰৰ সতৰ্ক আছিল। চীন আৰু উত্তৰ কোৰিয়াই সাধাৰণতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছিল যদিও দুয়োখন দেশৰ সম্পৰ্ক শেহতীয়াকৈ কেইবাবাৰো তিক্ত হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি