১৮, ১৯ আৰু ২০ নবেম্বৰত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত মুকলি ৰাস মহোৎসৱৰ প্ৰস্তুতি…

১৮, ১৯ আৰু ২০ নবেম্বৰত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত মুকলি ৰাস মহোৎসৱৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত কেলিগোপাল নাটৰ আধাৰত অহা ১৮, ১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসব সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ কাৰণে আজি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ সভাপতিত্বত শংকৰদেৱ কৃষ্টিসংঘত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাস মহোৎসব আয়োজক পুৰণি সমিতিৰ সম্পাদক তীৰ্থ ভূঞাই উদ্দ্যেশ্য ব্যাখা কৰা সভাখনিত সত্ৰাধিকাৰ জনাৰ্দন দেবগোস্বামীয়ে ৰাস উদযাপনক লৈ চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনে বৰ্তমানলৈ কোনো নিদিষ্ট নিৰ্দেশনা প্ৰদান কৰা নাই যদিও কোভিডৰ নীতি-নিয়ম অনুযায়ী ৰাস উদযাপনত কৰাত বিশেষ বাধা নাহে বুলি আশাবাদী বুলি ব্যক্ত কৰে।

সত্ৰাধিকাৰ জনাৰ্দন দেবগোস্বামীয়ে আৰু কয়- শাৰদীয় উৎসৱটিৰ পূৰ্বে মাজুলীবাসীয়ে এশ শতাংশ ভেকচিন লোৱাটো নিশ্চিত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। বিগত বৰ্ষসমূহৰ দৰেই এই বৰ্ষতো সত্ৰৰ ৰাস মহোৎসবৰ ভক্তিৰস পান কৰিবলৈ অহা সকলো দশৰ্ণাৰ্থীৰ বাবে বিনামূলীয়া অন্ন যোগানৰ ব্যবস্থা কৰিব বুলিও প্ৰকাশ কৰে। উল্লেখ্য যে, ১৬৭৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ৩৫০ বৰ্ষপূৰ্তি উপলক্ষে দ্বিবাৰ্ষিক ভাবে ২০২৩ বৰ্ষত বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে সত্ৰই। অহা ৰাস উৎসৱতে এগছি বন্তি প্ৰজ্বলনেৰে উক্ত দ্বিবার্ষিক উৎসৱৰো শুভাৰম্ভ কৰাৰ বিষয়ে সত্ৰাধিকাৰ গৰাকীয়ে সভাত অবগত কৰে।

ৰাজহুৱা সভা খনিত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক কমল শইকীয়া, দধিৰাম বৰুৱা, হিতেশ্বৰ বৰা আৰু গোপীৰাম বুঢ়াভকত বৰগায়ন, অধ্যক্ষ কৰুনা বৰা, শিক্ষক মানিক বৰুৱা, জয়ন্ত বৰা আদিয়ে মাজুলীৰ পৰিচয় বহনকাৰী ৰাস মহোৎসব ভাগিৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। সভাত সত্ৰাধিকাৰ জনাৰ্দন দেবগোস্বামীয়ে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ প্ৰতিষ্ঠা কালৰপৰা বৰ্তমানলৈ সোনসেৰীয়া যাত্ৰাকালৰ স্মৃতি বহন কৰিব পৰা এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবে চিন্তা চৰ্চা কৰাৰ বিষয়ে সভাত অবগত কৰাত উপস্থিত সকলে এয়া এক সময়োচিত পদক্ষেপ বুলি প্ৰকাশ কৰি দিহা পৰামৰ্শ প্ৰদান কৰে।

সভাই এই সন্দৰ্ভত এক প্ৰস্তাব গ্ৰহণ কৰে। ইয়াৰ পিছতে মুকলি ৰাস মহোৎসবৰ পুৰণি সমিতিৰ সভাপতি বাচাৰাম বৰুৱাই সত্ৰাধিকাৰ, বৈষ্ণব বৃন্দ আৰু স্থানীয় ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি পুৰণি সমিতিৰ পৰা পদত্যাগ কৰে। অতি শৃংখলিত আৰু নিয়াৰীকৈ বৃহৎ অনুষ্ঠান ভাগি সম্পন্ন কৰা পুৰণি সমিতিখনকেই এই বৰ্ষতো বাহাল ৰখাৰ বাবে সভাত উপস্থিত থকা ৰাইজৰ বিপুল সঁহাৰি আৰু আহ্বানত পুৰণি সমিতিৰ বাচাৰাম বৰুৱাক সভাপতি আৰু তীৰ্থ ভূঞাক সম্পাদক ৰূপে লৈ নতুন সমিতিখন গঠন কৰে। সভাৰ শেষত সম্পাদক তীৰ্থ ভূঞাই কৃতজ্ঞতা মূলক বক্তব্যৰে সকলোৰে সহায় সহযোগিতা কামনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in