উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাঃ আজি উদ্ধাৰ অভিযানত নামিব নৌ সেনাৰ উদ্ধাৰকাৰী দল

উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাঃ আজি উদ্ধাৰ অভিযানত নামিব নৌ সেনাৰ উদ্ধাৰকাৰী দল

ডিজিটেল ডেস্কঃ বুধবাৰে উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাই আজি তিনি দিনত ভৰি দিলে। এতিয়াও সন্ধানহীন হৈ আছে বহু কেইজন যাত্ৰী। আজি পুৱাৰে পৰা পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযানত নামিল এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু সেনা বাহিনীৰ উদ্ধাৰকাৰী দল।

উল্লেখ্য যে, কিছু সময়ৰ পাছতে নৌ সেনাও নামিব উদ্ধাৰ অভিযানত। ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত এই নাও দুৰ্ঘটনাত দুগৰাকী কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। আনহাতে, প্ৰাণৰক্ষা পৰিছিল প্ৰায় ২০জনকৈ যাত্ৰীৰ। নাওখনত উঠি অহা বহু যাত্ৰীৰ লগতে কেইবাখনো মটৰ চাইকেল বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে।

এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱা দুই ছাত্ৰী ক্ৰমে অংকিতা বৰুৱা আৰু ডিম্পী দাসৰ ঘৰত বৃহস্পতিবাৰে উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে মন্ত্ৰীগৰাকীয়ে ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in