শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

উত্তৰ-পূবৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ, কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা…

8,871

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ। দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰা হ’ব সুকীয়া চাত্ৰাৱাস। সোমবাৰে কেন্দ্ৰীয় উত্তৰ পূব বিকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ডা° জিতেন্দ্ৰ সিঙে উত্তৰ পূব বিকাশ মন্ত্ৰালয় আৰু উত্তৰ পূব পৰিষদৰ সৈতে এক বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই সিদ্ধান্ত লোৱাৰ লগতে এই কামৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত মোকলাই দিয়া হৈছে ১১ লাখ টকা। পৰিকল্পনা কৰা আচনিৰ অনুসৰি এই ছাত্ৰাৱাসত থাকিব ২২৪ টা কোঠা আৰু ৪২৪ জন শিক্ষাৰ্থী থাকিব পাৰিব। ইয়াৰে বিশেষভাৱে সক্ষম ছাত্ৰৰ বাবে থাকিব ২৪ টা কোঠা। ইয়াৰ বাহিৰে ছাত্ৰ-ছাত্ৰী ১০০-১০০কৈ থাকিব পাৰিব। চাৰি মহলীয়াকৈ নিৰ্মাণ কৰিবলগীয়া এই ছাত্ৰাৱাসটো ডেৰ একৰ মাটিত নিৰ্মাণ কৰা হ’ব। অচিৰেই ইয়াৰ নিৰ্মাণৰ কামো আৰম্ভ হ’ব বুলি ৰাজ্যমন্ত্ৰীজনে জানিবলৈ দিছে।

মন্ত্ৰীজনে লগতে সংবাদমাধ্যমক কয় ‘বাংগালুৰুত উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰি থকা ছাত্ৰাৱাসৰ কাম আৰম্ভ হৈছে।’ আনহাতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাগ্ৰহণ কৰি থকা উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰিবলগীয়া ৰোহিনী ছাত্ৰাৱাসৰ ভূমিও নিৰ্বাচিত কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে ২.৫ কোটি টকা মোকলাই দিয়াৰ লগতে এই ছাত্ৰাৱাসটো ৫ একৰ মাটিত নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি