গুৱাহাটীত উত্তৰ-পূৱৰ নাৰীক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী…

গুৱাহাটীত উত্তৰ-পূৱৰ নাৰীক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী…

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ-পূৱত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনা- পৰিঘটনা আদি ৰোধ কৰিবলৈ মহানগৰীত নাৰী সুৰক্ষা প্ৰদানৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে । উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ সাধাৰণ সম্পাদিকা মুনমী দত্তৰ তত্তাৱধানত অনুষ্ঠিত এই প্ৰশিক্ষণত বৰ্তমানলৈ ৫০০০ প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ সমাপ্ত কৰে । নাৰীৰ আত্মৰক্ষাৰ এই প্ৰশিক্ষণ কালত জুডুৰ প্ৰশিক্ষণ দিয়া হয়।

উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা ছাত্ৰী সংগঠনটোৰ সাধাৰণ সম্পাদিকাই মুনমী দত্তই কয় – নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসম দিল্লীৰ পিছতে দ্বিতীয় স্থানত আছে । যাৰ বাবে এই উত্তৰ পূৱৰ নাৰী নিৰ্যাতন ৰোধ কৰাৰ উদ্দেশ্য এই সজাগতামূলক ১৫ দিনৰ প্ৰশিক্ষণ প্ৰত্যেক বছৰৰ গৰম বন্ধত বিদ্যালয়ত অনুষ্টিত কৰি আহিছো। আনহাতে এই প্ৰশিক্ষণত সদৌ অসম জুডু সংগঠনে সহযোগিতা আগবঢ়াইছে ।

যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰা আৰু আত্মবিশ্বাস তথা মনোবলৰ লক্ষ্যৰে প্ৰত্যেক গৰাকী প্ৰশিক্ষাৰ্থীক পুৰুষৰ অনুপাতে সাজু কৰি তোলে ছাত্ৰী সংগঠনটোৱে । অৱশ্যে এই ক্ষেত্ৰত বৰ্তমানৰ ছাত্ৰীসকলৰ অভিভাৱক সকলে নিজেই আগ্ৰহেৰে সন্তানটিক প্ৰশিক্ষণ লোৱাৰ বাবে আগবাঢ়ি আহি আছে বুলিও সাধাৰণ সম্পাদিকা দত্তই প্ৰকাশ কৰাৰ লগতে এই প্ৰশিক্ষণে নাৰী নিৰ্যাতন নিৰ্মূল হব বুলি আশা কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in