উত্তৰ-পূব পেঞ্চাক চিলাট প্ৰতিযোগিতাত গোলাঘাট জিলাৰ ধনশিৰিলৈ সুনাম…

উত্তৰ-পূব পেঞ্চাক চিলাট প্ৰতিযোগিতাত গোলাঘাট জিলাৰ ধনশিৰিলৈ সুনাম…

ডিজিটেল সংবাদ, সৰুপথাৰ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শ্বহীদ মৈদামত যোৱা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুস্থিত হোৱা তৃতীয় উত্তৰ-পূব পেঞ্চাক চিলাট চেম্পিয়নশ্বীপ ২০২০ত গোলাঘাট জিলাৰ পৰা অসম দলত ১৪ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰে।

চেম্পিয়নশ্বীপখনৰ প্ৰি টীন শাখাত সুনন্দন কাশ্যপ (৩০কেজি)এ ৰূপৰ, প্ৰি টীন শাখাত দেৱজিৎ নেওগ (৪০ কেজি)এ সোণৰ, আকাশ বড়ো(৪০কেজি)এ সোণৰ, ৰিমা লামা (৩৯কেজি)ই সোণৰ, চিম্পী ডেকা (৪০কেজি)ই ব্ৰ'ঞ্জৰ, ৰাচিকা সন্দিকৈ (২৮কেজি)এ ব্ৰ'ঞ্জৰ, চাব জুনিয়ৰ শাখাত পঞ্চী বুঢ়গোহাই (৪৩কেজি)এ সোণৰ, প্ৰেৰণা হাজৰিকা (৫৫কেজি)ই সোণৰ, সীমান্ত গগৈ (৪২কেজি)এ ৰূপৰ, জুনিয়ৰ অচ্যুৎ বড়ো(৬০)এ ৰূপৰ, চিনিয়ৰ আকাশ স্বৰ্গীয়াৰী (৬৭কেজি)এ ৰূপৰ, লগতে একক টংগল শাখত চিনিয়ৰ প্ৰিয়ংকা গগৈএ ৰূপ আৰু প্ৰি টীন শাখাত চিম্পী ডেকাই ৰূপৰ পদক লাভ কৰে।

গোলাঘাট জিলা পেঞ্চাক চিলাটৰ প্ৰশিক্ষক গগণ চন্দ্ৰ বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা উক্ত ১৪ গৰাকী খেলুৱৈয়ে অসম পেঞ্চাক চিলাট সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্যজিৎ দলেৰ নেতৃত্বত অংশ গ্ৰহণ কৰা অসম দলটোত অংশ গ্ৰহণ কৰি গোলাঘাট জিলাৰ ধনশিৰি মহকুমালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in