শুকুৰবাৰৰ পৰা খানাপাৰাত আৰম্ভ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ

শুকুৰবাৰৰ পৰা খানাপাৰাত আৰম্ভ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মেঘালয়ৰ বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ত ষষ্ঠতম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছৰ আৰম্ভ হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ প্ৰধানতঃ ৩০০ বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৩ দিনীয়া এই কাৰ্যসূচীত পৰ্যায়ক্ৰমে অংশগ্ৰহণ কৰিব। ইতিমধ্যে শুকুৰবাৰে পুৱাৰে পৰা চিকিমকে ধৰি উত্তৰ- পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ বৃহৎ সংখ্যক প্ৰতিনিধিয়ে নাম পঞ্জীয়ন কৰাৰ পিছত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত ভাগ লয়। আনহাতে সন্ধিয়া অনুষ্ঠিত হোৱা মত-বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাৰতীয় লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডি পি আগৰৱালে সৰ্বভাৰতীয় স্তৰৰ প্ৰশাসনীয় আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে কেনেদৰে প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন সেই সন্দৰ্ভত বিভিন্ন দিশ পৰ্যালোচনা কৰি বক্তব্য আগবঢ়োৱাৰ লগতে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

কথোপকথনৰ এই মননশীল অনুষ্ঠানটোত ইউএছটিএমৰ প্ৰতি উপাচাৰ্য অলকা দেশাই শৰ্মাৰ লগতে মনালিচা বৰুৱা মেহতায়ো অংশ লয়। আনহাতে শনিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে পুৱা ৯ বজাত ৭খন ৰাজ্যৰ কৃষ্টি সংস্কৃতি আৰু সাজপাৰেৰে সজ্জীত শিক্ষাৰ্থীসকলৰ এক আকৰ্ষণীয় শোভাযাত্ৰা ইউএছটিএমৰ খানাপাৰাস্থিত(৯ মাইলৰ চিআৰপিএফ শিবিৰৰ সন্মুখত) চৌহদৰ খেলপথাৰত শুভাৰম্ভ কৰিব ডি পি আগৰৱালে। ইয়াৰ পিছতে ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব ইয়ং পলিটিচিয়ান এণ্ড কৰাপচন শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতামালা।

লোকসেৱা আয়োগৰ অধ্যক্ষগৰাকীয়ে শুভাৰম্ভ কৰিবলগীয়া এই বক্তৃতামালাত অংশ ল'ব মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জীত শেখৰ মোছাহাৰী, অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দেশৰ আগশাৰীৰ যুৱ নেতা তথা সমাজ বিজ্ঞানী হাৰ্দিক পেটেল, এইআইচিচিৰ যুটীয়া সম্পাদক ৰুচী গোপ্তা, গুজৰাটৰ বিধায়ক জীজ্ঞেছ মেবানী, বিজেপিৰ ৰাষ্ট্ৰীয় মেডিয়া তত্ত্বাৱধায়ক ৰহিত চহল, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। একেদৰে ১৭ ফেব্ৰুৱাৰী দিনাও অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in