গ্ৰীচৰ বিজ্ঞানী ডাঃ জ্ঞিচননৰ নেন’ ছাৰ্জাৰী সম্পৰ্কীয় বক্তৃতা প্ৰদান নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত

গ্ৰীচৰ বিজ্ঞানী ডাঃ জ্ঞিচননৰ নেন’ ছাৰ্জাৰী সম্পৰ্কীয় বক্তৃতা প্ৰদান নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত

ডিজিটেল সংবাদ, গুৱাহাটীঃ কৰ্কট ৰোগীসকলৰ উন্নত চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউচনত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বক্তা হিচাপে উপস্হিত থাকে গ্ৰীচ দেশৰ বিজ্ঞানী তথা অধ্যাপক ড০ জন এন. জ্ঞিচনন। অধ্যাপক জ্ঞিচননে "ইৰেডিকেচন অৱ কেম' ৰেজিচটেন্ট মেটাষ্টেটিক কেন্সাৰ ষ্টিম চেলচ্ মেডিয়াটেল বাই নেন' ছাৰ্জাৰী" বিষয়ক বক্তৃতা প্ৰদান কৰে।

হস্পিতালখনৰ প্ৰতিগৰাকী ডক্টৰে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অধ্যাপকগৰাকীৰ লগত নিজ নিজ অভিজ্ঞতা আৰু ব্যৱহাৰিক জ্ঞানৰ আদান প্ৰদান কৰে। অনুষ্ঠানৰ শেষত হস্পিতালখনৰ পৰিচালন সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱা আৰু অধ্যাপক জ্ঞিচননে কেন্সাৰ ৰোগীসকলৰ উন্নত চিকিৎসাৰ হকে নতুন অধ্যয়ন আৰু গৱেষণা একেলগে আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in