নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত ফ্ল’ চাইট’মেট্ৰি বিষয়ক কৰ্মশালাৰ সফল সমাপ্তি

নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত ফ্ল’ চাইট’মেট্ৰি বিষয়ক কৰ্মশালাৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, গুৱাহাটীঃ যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত "Diagnosis in Oncology using Flow Cytometry and Real Time PCR Technology" শীর্ষক কৰ্মশালাৰ সামৰণি পৰিল। ৬ ডিচেম্বৰত আৰম্ভ হোৱা কৰ্মশালাখনিত অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, আই আই টি, তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে প্ৰমুখ্য কৰি বহুকেইখন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ চিকিৎসক, গৱেষক ছাত্র তথা শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ আৰু টি ই টি চিৰ সহযোগত আয়োজন কৰা উক্ত কৰ্মশালাখনি ২০০ গৰাকী প্ৰশিক্ষাৰ্থীৰ উপস্থিতিয়ে সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে টি ই টি চিৰ প্ৰতিষ্ঠাপক তথা মেনেজিং ট্ৰাষ্টি ডাঃ ৰেখা গৌৰ, জয়পুৰৰ ফ্ল'চাইট'মেট্ৰিৰ সঞ্চালক ডাঃ হেমন্ত আগৰৱাল, দিল্লীৰ ষ্টেণ্ডাৰ্ড লাইফচাইন্সৰ হেমাট'পেথ'লজিষ্ট ডাঃ মনিকা সিং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়'টেকন'ল'জীৰ সহযোগী অধ্যাপক ডঃ দেবাশীষ বৰবৰা, বায়'-ৰেড লেব'ৰ'ট'ৰিচ্ কলিকতাৰ ডঃ ৰাজেশ সাহা আৰু কাছাৰ কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ ডঃ ৰাজীৱ কুমাৰে অংশগ্রহণ কৰে। অনুষ্ঠানৰ শেষত দেওবাৰে অংশগ্রহণ কৰা সকলোকে আয়োজকৰ তৰফৰ পৰা প্ৰমানপত্ৰও প্ৰদান কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in