বাংলাদেশৰ কৰ্কট ৰোগীৰ বাবে এতিয়া লক্ষ্য স্থান হৈ পৰিছে গুৱাহাটী…

বাংলাদেশৰ কৰ্কট ৰোগীৰ বাবে এতিয়া লক্ষ্য স্থান হৈ পৰিছে গুৱাহাটী…

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কেন্সাৰ ৰোগীৰ বাবে এতিয়া লক্ষ্য স্থান হৈ পৰিছে গুৱাহাটী। গুৱাহাটীত এই দেশখনৰ কেন্সাৰ ৰোগীয়ে গুণগত চিকিৎসা লাভ কৰাৰ লগতে অতি কম মূল্যত এই সুবিধা উপলব্ধ হোৱাৰ বাবে দেশখনৰ বহু ৰোগী গুৱাহাটীলৈ আহিছে।

বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনবীৰ মানছুৰে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ ৰিছাৰ্জ ইনষ্টিটিউটৰ এক অনুষ্ঠানত অংশ লৈ এই কথা সদৰী কৰে। উল্লেখযোগ্য যে, যোৰাবাটত থকা এই কেন্সাৰ ৰোগৰ চিকিৎসা প্ৰতিষ্ঠানখনৰ মেডিকেল টুৰিজিমৰ অংশ বিশেষ হিচাপে ভ্ৰমণ কৰিছিল বাংলাদেশৰ কুটনৈতিক বিষয়াগৰাকীয়ে।

১২ জনীয়া এক প্ৰতিনিধিৰ দলক নেতৃত্ব দি উক্ত চিকিৎসা প্ৰতিষ্ঠানটো ভ্ৰমণ কৰাৰ সময়তে তেওঁ এইদৰে কয়। নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিছাৰ্জ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা অহা কেন্সাৰ ৰোগীক গুণগত চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে, তামুলীয়ে বাংলাদেশলৈও এক সু-সম্পৰ্ক ৰক্ষাৰ্থে এক প্ৰতিনিধি দল প্ৰেৰণৰ বাবেও ইচ্ছা ব্যক্ত কৰে। চিকিৎসক আৰু বাংলাদেশৰ কেন্সাৰ ৰোগীসকলৰ মাজত সম্পৰ্ক উন্নত কৰাৰ অৰ্থে তেওঁ এনে ভ্ৰমণত গুৰুত্ব দিছে।

আনহাতে, নতুনকৈ আৰম্ভ কৰা গুৱাহাটী-ঢাকা বিমান সেৱাই কেন্সাৰ ৰোগীসকলক গুৱাহাটীত চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত অধিক সুবিধাজনক হ'ব বুলিও মন্তব্য কৰে।আনহাতে এই চিকিৎসা প্ৰতিষ্ঠানটোৰ চিকিৎসক তথা নেক কেন্সাৰ ছাৰ্জনৰ মুৰব্বী ডি কে নাথে কয় যে- ভাৰতৰ অন্য স্থানতকৈ এই প্ৰতিষ্ঠানটোত অতি কম খৰচতে কেন্সাৰ ৰোগীয়ে উচিত চিকিৎসা লাভ কৰে।

এন ই চি এইচ আৰ আই চীফ অপাৰেটিং অফিচাৰ গীতাৰ্থ ৰায় মেধিয়ে জনাই যে, ইতিমধ্যে এই প্ৰতিষ্ঠানটোত বাংলাদেশৰ ছয়জনকৈ ৰোগীৰ চিকিৎসা সফলতাৰে সম্পন্ন হৈছে। এন ই চি এইচ আৰ আই হাস্পতালৰ মুখ্য অধীক্ষক ডাঃ আৰ গোঁহাই আৰু বাবুল চেতিয়াও উক্ত অনুষ্ঠানটোত উপস্থিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in