উত্তৰ অসমত বানপানী কমিছে যদিও হ্ৰাস পোৱা নাই ৰাইজৰ সমস্যা, VIDEO

উত্তৰ অসমত বানপানী কমিছে যদিও হ্ৰাস পোৱা নাই ৰাইজৰ সমস্যা, VIDEO

ডিজিটেল সংবাদ, উত্তৰ অসমঃ উত্তৰ অসমত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও এতিয়াও বহু গাঁও বাঢ়নী পানীৰ তলত। বিশ্বনাথ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ পৰা পোৱা তথ্য মতে বৰ্তমানলৈকে বিশ্বনাথ জিলাৰ গহপুৰ, হেলেম, নদুৱাৰ আৰু বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তর্গত মুঠ ৫২ খন গাঁও বানপানীৰ কবলত পৰিছে। জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ অন্তর্গত মুঠ ১২৮৯ হেক্টৰ শস্য ভূমি নষ্ট হোৱাৰ লগতে ১৬,১৮৩ জন লোক আৰু ১৩,১৩৬ টা পশু ধন বানপানীত আক্ৰান্ত হৈছে।

হেলেম ৰাজহ চক্ৰত তিনিটা আৰু নদুৱাৰ ৰাজহ চক্ৰৰ অন্তর্গত গোছাই চাপৰি এম ই স্কুল আৰু কাঠপাৰাত দুটা বান সাহায্য শিবিৰ আছে। শিবিৰ কেইটাত মুঠ ১৩৪ জন বন্যাৰ্ত আছে। ইফালে গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ ৰজাবাৰীপথাৰ-চৰাইবাৰী সংযোগী প্ৰায় চাৰি কিলোমিটাৰ গড়কাপ্তানী পথটো ব্লক পেভাৰচ দি যাতায়াতৰ উপযোগী কৰি তুলিলে যদিও মধ্য চৰাইবাৰী সমীপত নিৰ্মাণৰত পকী দলংখন সম্পূৰ্ণ নোহোৱাত ৰাইজে মৰণক শৰণ দি অহা যোৱা কৰিবলগীয়া হৈছে।

অৱশ্যে বানবিধ্বস্ত এলেকাটো়ত শৈল্যজা কনস্ট্ৰাকচনে নিৰ্মাণ কৰা পথ আৰু দলঙৰ কামত স্থানীয় ৰাইজ সন্তুষ্ট যদিও একাংশৰ মতে পকী দলংখন আৰু ওখ হ'ব লাগিছিল। বিভাগীয় অভিযন্তাৰ মতে আঁচনি আৰু নক্সা মতেই কাম হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in