উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ ৰং সনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ ৰং সনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল সংবাদ, নগাঁওঃ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত যোৱা ৩১অক্টোবৰৰ পৰা নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হোৱা উত্তৰ-পূব শিশু গ্ৰন্থমেলা-২০১৮ৰ যোৱা ৪নবেম্বৰত অনুষ্ঠিত "ৰংসনা আৰু চিত্ৰাংকন" প্ৰতিযোগিতাৰ ফলাফলসমুহ ঘোষণা কৰা হয়।

প্ৰতিযোগিতাত 'ক' শাখাৰ ৰংসনাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে- পাৰ্থসাৰথি হাজৰিকা, তনয়া কোচ আৰু দেৱাশ্ৰী কলিতাই। তাৰ লগতে প্ৰতিযোগিতাখনৰ চতুৰ্থ স্থান ৰক্তিম শইকীয়া, পঞ্চম স্থান ৰিৰ্গাড শইকীয়া আৰু ষষ্ঠ স্থান উদ্দিপ্তা কটকীয়ে লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান- কাশ্যপজ্যোতি দাস (পঞ্চম শ্ৰেণী, হাতীচোং মজলীয়া বিদ্যালয়), দ্বিতীয়- বেদান্ত বিক্ৰম বৰুৱা (অষ্টম শ্ৰেণী, কেন্দ্ৰীয় বিদ্যালয়, নগাঁও), তৃতীয়-আকাংক্ষা কাশ্যপ (ষষ্ঠ শ্ৰেণী, খ্ৰীষ্টজ্যোতি স্কুল), চতুৰ্থ- মৈত্ৰেয়ী বৰকটকী (ষষ্ঠ শ্ৰেণী, নগাঁও মিছন হাইস্কুল), পঞ্চম- ধীৰাজ বৰা (সপ্তম শ্ৰেণী, নৱৰূপ জাতীয় বিদ্যাপীঠ, নগাঁও) লাভ কৰে। উক্ত প্ৰতিযোগী শিশু সকলক ৭ নবেম্বৰৰ বিয়লি ১বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ মেলাৰ সামৰণি অনুষ্ঠানত বঁটাসমুহ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in