শেহতীয়া খবৰ
অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ...  •  কোৰোনাৰ মহাসংকটৰ মাজতে ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন...  •  ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...

মহানগৰীত ৩৫ ফুট দ কুঁৱাত পৰা মহিলাক জীৱন্তে উদ্ধাৰ

614

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে পুৱাই মহানগৰীৰ নুনমাটিৰ মাধৱপুৰত প্ৰায় ৩৫ ফুট দ কুঁৱাত পৰিল এগৰাকী মহিলা। নেপালী চ’কৰ আৱাসী মহিলাগৰাকী ৰেণুকা লহকৰ (৬৫) বুলি জানিব পৰা গৈছে। স্বামী উমানন্দ লহকৰে পুৱা ঘৰত মহিলাগৰাকীক নেদেখি বিচাৰোতে প্ৰত্যক্ষ কৰে দ কুঁৱাটোত।

ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰৰ বাবে আহ্বান জনাই এই ঘটনা অৱগত কৰা হয় আৰক্ষীৰ নিয়ন্ত্ৰন শাখাত। পুৱা ৫.৩০ বজাত পোৱা এই খবৰৰ পিছতে চানমাৰী আৰু গুৱাহাটীৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দলে জখলা, ৰচীকে আদি কৰি বিভিন্ন সা-সামগ্ৰী ব্যৱহাৰেৰে উদ্ধাৰ কৰে মহিলাগৰাকীক। উল্লেখ্য যে, উদ্ধাৰ অভিযানৰ সময়ত মহিলাগৰাকীয়ে উশাহ লোৱাত অসুবিধা নাপাবৰ বাবে কুঁৱাটোত যোগান ধৰা হয় অস্কিজেনৰ। ৪০ মিনিট জোৰা উদ্ধাৰ অভিযানৰ পিছতে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰী দিলীপ উৰাং আৰু প্ৰশান্ত পেগুৰ নেতৃত্বৰ দলটোৱে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি