নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন…

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপজা দিনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম জাতীয় বিদ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ প্ৰথমতে অংকুৰ, প্ৰাক-প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ 'ভেশচন' প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ পিছত দ্বিতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা, ষষ্ঠ শ্ৰেণীৰপৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা লিখিত আৰু হাতেলিখা আলোচনীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

এই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট গল্পকাৰ অৰুণ কুমাৰ নাথ আৰু দৈনিক অসম কাকতৰ উপ-সম্পাদক, লেখক বিদ্যুৎ বৰুণ শৰ্মাই। আনহাতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা ভাস্কৰ্য্য আৰু শিল্পকলাৰ এখনি প্ৰৰ্দশনী আৰু বিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষকসকলে প্ৰস্তুত কৰি উলিওৱা শিক্ষণ সজুঁলিৰ প্ৰৰ্দশনী অনুষ্ঠিত হয়।

উক্ত দুয়োখন প্ৰৰ্দশনীতে দ্বাৰ মুকলি কৰে বিদ্যালয়ৰ শৈক্ষিক বিষয়া শ্ৰীযুত নৰেন্দ্ৰ মোহন গোস্বামীয়ে। প্ৰৰ্দশনীৰ দ্বাৰ মুকলি কৰি তেওঁ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ কৰ্মৰাজিৰ উচ্চ প্ৰশংসা কৰে। দিনৰ ১২.৪৫ বজাত সমাপ্ত হোৱা এই সমগ্ৰ অনুষ্ঠানটোৰ আহ্বায়কৰ দায়িত্বত আছিল প্ৰাক-বিদ্যালয়ৰ শিক্ষয়ত্ৰী মধুস্মিতা দেৱী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in