মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ বাৰ্তালাপ অনুষ্ঠান..

মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ বাৰ্তালাপ অনুষ্ঠান..

ডিজিটেল সংবাদ, মঙলদৈ: কৰোনা মহামাৰীৰ আতঙ্কৰ বাবে দেশ জুৰি অব্যাহত আছে দীঘলীয়া লকডাউন। এই লকডাউনৰ সময়তে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্ভুক্ত মঙলদৈ মহকুমা ছাত্ৰ সন্থাই এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰিছে 'অভিজ্ঞ ব্যক্তিৰ দ্বাৰা অনলাইন বাৰ্তালাপ অনুষ্ঠান'।সময়ে সময়ে সদৌ অসম ছাত্ৰ সন্থাই জাতীয় দায়িত্ব পালন কৰি প্ৰতিটো জাতীয় বিষয়ত মাত মাতি অহাৰ লগতে ৰাজ্যখনৰ শৈক্ষিক দিশবোৰত গুৰুত্ব প্ৰদান কৰি সুস্থিৰ সামাজিক বাতাবৰণ সৃষ্টিত অৰিহণা যোগাই আহিছে। শেহতীয়াকৈ, এনে এটা অনুষ্ঠানৰ আয়োজন কৰিছে, মঙলদৈ মহকুমা ছাত্ৰ সন্থাই

বিগত ৬ জুনৰ পৰা 'বাৰ্তালাপ' নামৰ অনলাইন অনুষ্ঠানৰ জৰিয়তে মহকুমা ছাত্ৰ সন্থাই বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকীও সমল ব্যক্তিৰ সৈতে বাৰ্তালাপৰ যোগেদি বিভিন্ন কেৰিয়াৰৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ মনত থকা প্ৰশ্ন উত্তৰৰ তথা কৌতূহল দূৰ কৰাৰ বাবে এখন মঞ্চৰ সৃষ্টি কৰিছে।ইয়াৰে প্ৰথমটো সপ্তাহৰ অতিথি হিচাপে উপস্থিত আছিল, ২০১৯ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ তৃতীয় স্থান লাভ কৰা নিমাশ্ৰী ডাউকা। পৰৱৰ্তী খণ্ডত বাৰ্তালাপৰ অতিথি আছিল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এগৰাকী শাখা প্ৰৱন্ধক উদয় ভাস্কৰ গোস্বামী। তাৰ পিছৰ খণ্ডটিৰ অতিথি আছিল অসম লোক সেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া বিপুল ডেকা ।


অনুষ্ঠানটো সম্পৰ্কত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শুচিব্ৰত শইকীয়া আৰু সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ডেকাই সদৰি কৰিছে যে, জাতীয় স্বাৰ্থত আন্দোলন যিদৰে অব্যাহত থাকিব , সমাজ গঠনৰ প্ৰক্ৰিয়া হিচাপে এনে অনুষ্ঠানো অবিৰতভাৱে চলি থাকিব। অৱশ্যে ক'ভিড মহামাৰীৰ বাবে এই অনুষ্ঠানটো অনলাইন যোগে আয়োজন কৰা সম্পৰ্কত তেওঁলোকে জনায় যে , অনাগত দিনত এই অনুষ্ঠানটো নতুন ৰূপত আগবঢ়াই নিয়া হ'ব। তেতিয়ালৈকে মাহ জোৰা কাৰ্যসূচীৰে অনলাইন যোগে বাৰ্তালাপ অনুষ্ঠান চলি থাকিব।

ইফালে, ক'ভিড মহামাৰীৰ সময়ত এনে এটা অনুষ্ঠানৰ যোগেদি ছাত্ৰ সমাজক অনুপ্ৰাণিত কৰাৰ বাবে মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সলাগ লৈছে সচেতন মহলে। মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ এনে কাৰ্যসূচী ত সহায় কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in