নকল সোণৰ ব্যৱসায়ঃ বিশ্বনাথ বিজেপিৰ বুথ সম্পাদকসহ গহপুৰত গ্ৰেপ্তাৰ ৪প্ৰৱঞ্চক…

নকল সোণৰ ব্যৱসায়ঃ বিশ্বনাথ বিজেপিৰ বুথ সম্পাদকসহ গহপুৰত গ্ৰেপ্তাৰ ৪প্ৰৱঞ্চক…

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে প্ৰায় আঢ়ৈ কেজি ওজনৰ নকল সোন সহ গ্ৰেপ্তাৰ কৰিছে চাৰিজন প্ৰবঞ্চকক।ধৃত প্ৰবঞ্চক চাৰিজন হৈছে বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাবাৰী নিবাসী চেনাৰাম ওজাৰ পুত্ৰ জয়ন্ত ওজা(৪৪) ওৰফে মিণ্টু ওজা,বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ফাটেহপুৰ নিবাসী আবাছ আলীৰ পুত্ৰ আটাউৰ ৰহমান(৪২),চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত পলসনীৰ ছাবেদ আলী আৰু আমজাদ আলীৰ পুত্ৰ ক্ৰমে ছামেদ আলী(৪৪) আৰু ইদ্ৰীছ আলী(৩৮)।জানিব পৰামতে উক্ত চাৰি প্ৰবঞ্চকে এ-এছ-০১-ইন-৬১৬৫ নম্বৰৰ এল্ট' গাড়ী এখনেৰে প্ৰথমে লখিমপুৰৰ পৰা উক্ত নকল সোণৰ নাওখন বিক্ৰী কৰিবলৈ কালি পুৱা বিশ্বনাথ চাৰিআলিলৈ যায়।

কিন্তু বিশ্বনাথ চাৰিআলিত গ্ৰাহকৰ লগত কথাৰ খেলিমেলি লগাত তেওঁলোক পুনৰ লখিমপুৰলৈ বুলি উভতি আহে।সেই অনুসৰি তেওঁলোক আহি কালি দিনৰ প্ৰায় ১১ বজাত গহপুৰ নগৰৰ মাজমজিয়াৰ এখন হোটেলৰ সন্মুখত ৰয়হি।তেনেতে এক গোপন সুত্ৰৰ পমখেদি গহপুৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে সোণৰ নকল নাঁওসহ উক্ত চাৰি প্ৰবঞ্চকক হাতেলোটে গ্ৰেপ্তাৰ কৰে।গহপুৰ আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা এল্ট' গাড়ীখনো জব্দ কৰিছে।

জানিব পৰামতে আৰক্ষীৰ জালত পৰা ধৃত প্ৰবঞ্চক চাৰিজনৰ ভিতৰৰ জয়ন্ত ওজা ওৰফে মিণ্টু ওজা বিশ্বনাথ বিধান সভা সমষ্টিৰ অন্তৰ্গত লেহুগাঁও গাঁও পঞ্চায়তৰ ১৯৩ নং বুথৰ বুথ কমিটিৰ সম্পাদক।পুৰ্বতেও এনেধৰনৰ অপকৰ্ম কৰি ৰঙাঘৰৰ ভাত খোৱাৰ উদাহৰণ আছে এইগৰাকী বিজেপিৰ বুথ সম্পাদকৰ বিৰুদ্ধে।

কেইবছৰমান পূৰ্বে ৰেল বিভাগৰ লোৰ সামগ্ৰী চোৰাংকৈ বিক্ৰী কৰি নঁগাৱত হাতেলোটে গ্ৰেপ্তাৰ হৈ তিনিমাহ জেলৰ ভাত খাইছিল এইগৰাকী ধুৰন্ধৰ ঠগ-প্ৰবঞ্চক জয়ন্ত ওৰফে মিণ্টু ওজাই।একমাত্ৰ ঠগ-প্ৰবঞ্চনাকেই জীৱিকাৰ উত্তম পন্থা হিচাপে ভবা এইগৰাকী দাগী অপৰাধীক কি যোগ্যতাৰ ভিত্তিত স্বচ্ছতাৰ কথা কোৱা বিজেপি দলে বুথৰ সম্পাদক পাতিলে তাকে লৈ সন্দিহান হৈ পৰিছে সচেতন ৰাইজ।ধৃত চাৰি প্ৰবঞ্চকক আজি বিশ্বনাথ জেল-হাজোতলৈ প্ৰেৰণ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in