সদৌ অসম মণ্ডল, কাননগো সন্মিলনীৰ ৯৫ তম প্ৰতিষ্ঠা দিৱস পালন…

সদৌ অসম মণ্ডল, কাননগো সন্মিলনীৰ ৯৫ তম প্ৰতিষ্ঠা দিৱস পালন…

ডিজিটেল সংবাদ নগাঁও: সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ ৯৫তম প্ৰতিষ্ঠা দিৱস,নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক সভা নগাঁও জিলা পুথিভঁৰাল পেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ দেওঁবাৰে পুৱা সন্মিলনীৰ পতকা উত্তোলন কৰে নবনিৰ্বাচিত সভাপতি শ্লোকনাথ সন্ধিকৈয়ে৷ নবনিৰ্বাচিত সাধাৰণ সম্পাদক ভৱানন্দ বৰাই আঁত ধৰা সভাত নৱ নিৰ্বাচিত সদস্য তথা বিষয়ববীযা সকলক শপত বাক্য পাঠ কৰাই প্ৰাক্তন সভাপতি অমূল্য কলিতাই ৷

সভাপতি শ্লোকনাথ সন্দিকৈৰ সভাপতিত্ব বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত সন্মিলনীৰ সাংগঠনিক দিশত গুৰুত্ব দিয়া হয় ৷ মণ্ডল,কাননগো আৰু আমিন সকলে ২০১৭ চনৰ পৰা পেঞ্চন নোপোৱা কথাটো সভাত গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ সন্মিলনীয়ে ২০০৫ চনৰ ১ ফ্ৰেব্ৰুৱাৰীৰ পিছত নিযুক্তি পোৱা মণ্ডল কাননগো সকলৰ পেঞ্চন ব্যৱস্থা NPSৰ পৰিবৰ্তে OPS কৰিবলৈ দাবী জনায় ৷

প্ৰশিক্ষণ সমাপ্ত কৰা মণ্ডল আৰু কাননগো সকলৰ ফলাফল অনতিপলমে ঘোষণা কৰিবলৈকো চৰকাৰক আহ্বান জনায় ৷ গুৱাহাটীত এটা গেষ্ট হাউচ তৈয়াৰ কৰা,সংবিধান সংশোধন সমিতি গঠন,আইন কোষ গঠন, ফেচবুক গ্ৰুপ গঠন, গ'গল মিটৰ জৰিয়তে সভা আয়োজন কৰাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাই মণ্ডল, কাননগো সকলক কাৰ্যালয়ত অপদস্থ কৰা লোকক দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে নিশ্চিত নিৰাপত্তা দিবলৈ দাবী জনাই ৷

সভাত জোনমণি শইকীয়া, অমূল্য কলিতা,প্ৰদীপ কলিতা,অকন পাতৰ,আকবৰ আলি,জিতেন শইকীয়া,প্ৰেম কান্ত হাজৰিকা,বেণুধৰ দাস,ভাষ্কৰ লইং,মহম্মদ আলি ,মইনুল হক চৌধুৰী , হৰেন দলে আদিয়ে বক্তব্য আগবঢ়াই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in