কি হ’ব কৃষকৰ ! বাৰিষা বৰষুণ নহ’ল, সোণগুটি চপাবলৈ গৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা…

কি হ’ব কৃষকৰ ! বাৰিষা বৰষুণ নহ’ল, সোণগুটি চপাবলৈ গৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা…

ডিজিটেল সংবাদ নগাঁও: পথাৰত সোণগুটি চপাবলৈ গৈ মূৰে কপালে হাত দিব লগা হৈছে চহা কৃষকে। কিয়নো আশা কৰাৰ দৰে ফচল নাই পথাৰত ৷ আশা কৰাৰ দৰে কৃষকৰ পথাৰত সোণগুটি উৎপাদন হোৱা নাই৷যাৰ বাবে কৃষক সকলে বছৰটোৰ শ্ৰম , খৰচ কৰাৰ বিপৰিতে সোণগুটি উৎপাদন অস্বাভাবিক ভাবে হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে কৃষক সকল ৷

উৎপাদন হ্ৰাস পোৱাৰ মূলতে হৈছে বৰষুণ ৷ বাৰিষা অস্বাভাবিক ভাবে বৰষুণৰ পৰিমাণ নগাঁও জিলাত কম হয় ৷ স্বাভাবিক হাৰতকৈ যথেষ্ট কম পৰিমাণে বৰষুণ হোৱাত ধান খেতিৰ বাবে প্ৰয়োজনীয় বৰষুণ কৃষি ভূমিত নপৰাৰ বাবে ধানৰ উৎপাদন হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে নগাঁও জিলাত এইবাৰ ১৬৫৫.৯৩ মিলিমিটাৰ বৰষুণহে হয় ৷ স্বাভাবিক ভাবে ২৪০০ মিলিমিটাৰৰ পৰা ২৬০০ মিলিমিটাৰ বৰষুণণৰ প্ৰয়োজন নগাঁও জিলাত৷

২৪০০ মিলিমিটাৰ বৰষুণতকৈ কম বৰষুণ হলে কৃষি কৰ্মত যথেষ্ট প্ৰভাব পৰে ৷ সেয়ে বিগত সময়চোৱাত ৭৪৪.০৭ মিলিমিটাৰ বৰষুণ কমকৈ হয় ৷ যথেষ্ট সংখ্যক বৰষুণ কমকৈ হোৱাৰ বাবে কৃষি ক্ষেত্ৰত প্ৰভাব পৰিল আৰু ধান চপোৱাৰ সময়ত কৃষকে হাহাকাৰ কৰিব লগা হৈছে৷ বৰ্ষটোৰ ১৫ মে'ৰ পৰা বৰষুণৰ সময় হিচাপে ধৰা হয় ৷ বৰষুণৰ সমাপ্তি ১৫ অক্টোবৰ চৰকাৰী ভাবে নিৰ্ধাৰিত ৷ ১৫ মে'ৰ পৰা ১৫ অক্টোবৰলৈকে বাৰিষাৰ সময় হিচাপে ধৰা হয় ৷ এই সময় চোৱাতে স্বাভাবিক ভাবে ২৪০০ মিলিমিটাৰৰ পৰা ২৬০০ মিলিমিটাৰ বৰষুণ হব লাগে যদিও ৭৪৪.০৭ মিলিমিটাৰ বৰষুণ কম পৰিমানে পৰে৷

বৰ্ষটোৰ আৰম্ভনি ১৭ দিনত অৰ্থাৎ ১৫ মে'ৰ পৰা ৩১ মে'লৈকে বৰষুণ হয় ১৫৭.২৭ মিলিমিটাৰ৷ জুন মাহত ৩২৩.০৯ মিলিমিটাৰ , জুলাই মাহত ৫৭৪.৮৭ মিলিমিটাৰ, আগষ্ট মাহত ৩৩৫.৬২ মিলিমিটাৰ , ছেপ্তেম্বৰ মাহত ১৯৮. ৬১ মিলিমিটাৰ, অক্টোবৰ মাহত ৬৬.৪৭ মিলিমিটাৰ বৰষুণ পৰে৷ বৰষুণৰ পৰিমান নগাঁও জিলাত যথেষ্ট কম হোৱাৰ বাবে জিলাখনত স্থানে স্থানে খৰাং সদৃশ পৰিবেশৰ সৃষ্টি হয় ৷ খৰাং সদৃশ পৰিবেশৰ ক্ষেত্ৰত নগাঁৱৰ কৃষি বিভাগে বিভাগীয় ভাবে লব লগা পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷ বৰকোলা , দক্ষিণপাত আদি অঞ্চলত খৰাঙ সদৃশ পৰিবেশৰ সৃষ্টি হয় যদিও কৃষি বিভাগৰ কোনো লোকক এই অঞ্চল সমূহ পৰিদৰ্শন কৰা কৃষকে পৰিলক্ষিত নকৰিলে ৷

আনকি চৰকাৰৰ ঘৰলৈ কোনো প্ৰতিবেদন প্ৰেৰণ নকৰিলে ৷ এফালে বৰষুণৰ বাবে উৎপাদন হ্ৰাস হোৱা আৰু খৰাং সদৃশ পৰিবেশৰ বাবে কৃষকে উৎপাদন কৰিব নোৱাৰাৰ পিছত কৃষি বিভাগে হাত সাৱতি বহি থকা কাৰ্যৰ বাবে আগন্তক দিনত জনজীৱনত কু প্ৰভাব পৰাটো নিশ্চিত৷ একে দৰে জলসিঞ্চন বিভাগটোৰ পৰা এই সময়চোৱাত কৃষক ৰাইজ উপকৃত নহল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in