মছজিদ সমিতি গঠনক লৈ উত্তপ্ত নগাঁও…

মছজিদ সমিতি গঠনক লৈ উত্তপ্ত নগাঁও…

ডিজিটেল সংবাদ নগাঁও: মছজিদ সমিতি গঠনক লৈ পুৱাতে উত্তপ্ত হয় নগাঁও ৷ নগাঁও গোৰস্হান মছজিদৰ পৰিচালনা সমিতি গঠনক লৈয়ে হোৱা উত্তপ্ত পৰিস্হিতি নিয়ন্ত্ৰন কৰিবলৈ দণ্ডাধীক্ষ আৰক্ষী উপস্হিত হ'ব লগা হয়৷ চহৰখনত থকা গোৰস্হান পথৰ ৰাজহুৱা মছজিদৰ কমিটি গঠনক লৈ শনিবাৰে সভা অনুষ্ঠিত হয় ৷ নগাঁও টাউন গোৰস্হান কমিটিয়ে মছজিদ পৰিচালনা সমিতিখন গঠন কৰাৰ উদ্দেশ্যে এখন সভা আয়োজন কৰে ৷ এই কথাত জাঙুৰ খাই উঠে ১১নং মহলাৰ লোক সকল ৷ দলবদ্ধ ভাবে ৰাইজ ওলাই আহি টাউন গোৰস্হান কমিটিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই লৈ পৰিস্হিতি উত্তপ্ত হৈ পৰাত দণ্ডাধীশ আৰু আৰক্ষী আহি সভাখনি বন্ধ কৰি পৰিস্হিতি নিয়ন্ত্ৰন কৰে ৷ অনুমতি অবিহনে টাউন গোৰস্হান কমিটিয়ে সভাখন পাতিছিল বুলি জানিব পৰা গৈছে ৷ ইফালে ১১ নং মহলাৰ লোক সকলে প্ৰশাসনৰ অনুমতি লৈ মছজিদ পৰিচালনা সমিতি খন পিছত গোৰস্হান মছজিদ প্ৰাঙ্গনত অনুষ্ঠিত কৰে ৷ অভিযোগ মতে নগঞাঁ এজন প্ৰাক্তন মন্ত্ৰীয়ে মছজিদটো পৰিচালনা সমিতিৰ সভাপতি হবলৈ টাউন গোৰস্হান কমিটিৰ জৰিয়তে সভাখন আজি অনুষ্ঠিত কৰিছিল ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in