দুই খেলুৱৈক তালাচীৰ নামত আৰক্ষী উপ-পৰিদৰ্শকৰ নিৰ্বিচাৰ প্ৰহাৰ…

দুই খেলুৱৈক তালাচীৰ নামত আৰক্ষী উপ-পৰিদৰ্শকৰ নিৰ্বিচাৰ প্ৰহাৰ…

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ জুৰীয়াত এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ। বিৰদাও গয়াৰী নামৰ উপ-পৰিদৰ্শক গৰাকীয়ে ফুটবল খেলি সন্ধ্যা ঘৰলৈ উভতি অহা দুগৰাকী খেলুৱৈক তালাচীৰ নামত ৰখাই নিৰ্বিচাৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে৷

আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকীৰ লাঠীৰ কোবত ৰিজাবুল ইছলাম আৰু আজহাৰুল ইছলাম নামৰ দুগৰাকী ফুটবল খেলুৱৈ আহত হৈছে। জানিব পৰা মতে, ফুটবল খেলি ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাতে গয়াৰী উপাধিৰ উপ-পৰিদৰ্শক গৰাকীয়ে ফুটবল খেলুৱৈ দুগৰাকীক ৰখাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ উপৰিও দুয়োগৰাকীৰে মোবাইল ফোন দুটাও ভাঙি পেলায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in