নগাঁৱত চৰকাৰী কৰ্মচাৰী, গাওঁ প্ৰধানসহ ১৬ জন মাটিৰ দালাল আৰক্ষীৰ জালত

নগাঁৱত চৰকাৰী কৰ্মচাৰী, গাওঁ প্ৰধানসহ ১৬ জন মাটিৰ দালাল আৰক্ষীৰ জালত

ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলায়৷ নিশা চলোৱা অভিযানত ১৬ জন মাটিৰ দালালক অভিযানকাৰী দলে কৰায়্ত্ব কৰিবলৈ সক্ষম হয় ৷

নগাঁও ৰাজহ চক্ৰ, চামগুৰি ৰাজহ চক্ৰ, ৰূপহীহাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত নিশা অভিযান চলিছিল ৷ অভিযানত দালালিৰে জৰিত থকাৰ অভিযোগত চৰকাৰী কৰ্মচাৰী, দুজন চৰকাৰী গাওঁবুঢ়াকো আৰক্ষীয়ে কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে ৷

দালালৰ জিম্মাৰ পৰা বুজন সংখ্যক দলিল, চক্ৰ বিষয়া কাৰ্যালয়ৰ নথি পত্ৰ জব্দ কৰা হৈছে৷ অভিযানৰ সময়ত কৰায়ত্ব হোৱা সকলৰ ভিতৰত ৰূপহীৰ চৰকাৰী কৰ্মচাৰীজন ৰানা বৰা , গাওঁ প্ৰধান দুজন হৈছে নজৰুল ইছলাম আৰু ৰঞ্জিত ভূঞা৷

ধৃত ১৬ জনক নগাঁও সদৰ থানাত ৰখা হৈছে ৷ জানিব পৰা মতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ কৰায়ত্ব কৰা দালালৰ সংখ্য বৃদ্ধি পাব পাৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in