নগাঁৱৰ চাৰিআলিটোত আজি নাই জ্যোতিৰ ‘জয়শ্ৰী’

নগাঁৱৰ চাৰিআলিটোত আজি নাই জ্যোতিৰ ‘জয়শ্ৰী’

নগাঁৱৰ পৰা পৰিজ্ঞান কলিতাঃ কোভিড কালত বহু বোলছবি গৃহ বন্ধ হৈ পৰিল ৷ বন্ধ হৈ পৰিল ৰাজ্যত বোলছবি গৃহত বহি ছবি প্ৰত্যক্ষ কৰাৰ পৰিবেশ ৷ সেই পৰিবেশ আৰু ঘূৰি আহিবনে নাই সেই কথাৰ কোনো নিশ্চয়তা নাই ৷ ছবিগৃহৰ মালিক পক্ষই এটাৰ পিছত এটাকৈ বোলছবি গৃহ বন্ধ কৰিবলৈ বাধ্য হৈছে ৷ কাৰন কোভিড ১৯ ৷

ব্যতিক্ৰম জয়শ্ৰী চিনেমা গৃহ ৷ কোভিডৰ আগমনৰ আগতে জয়শ্ৰী চিনেমা গৃহত হাতুৰীৰ কোব পৰিল ৷ অসমীয়াৰ স্বভিমান জয়শ্ৰী চিনেমা গৃহ আজি অতীত ৷ কালৰ সোঁতত বিলীন হৈ পৰিল অসমীয়াৰ স্বাভিমান জয়শ্ৰী চিনেমা হল ৷ অসমীয়া বোলছবি জগতৰ বৰ্ণিল ইতিহাসৰ লগত সোনালী আখৰৰে লিখা এটি নাম জয়শ্ৰী চিনেমা গৃহ ৷

নগাঁও চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা হৈছিল গৃহটি ৷ ছবি গৃহটি নিৰ্মান কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নগাঁৱত নিৰ্মাণ কৰোৱাইছিল জয়শ্ৰী চিনেমা গৃহটি ৷ জয়শ্ৰী চিনেমা গৃহত প্ৰথম প্ৰদৰ্শন কৰা হৈছিল দ্বিতীয়খন অসমীয় কথাছবি ইন্দ্ৰমালতী ৷ ইন্দ্ৰমালতীৰ নিৰ্মাণৰ সময় ১৯৩৯ চন ৷

ইন্দ্ৰমালতী নিৰ্মাণ কৰি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই জয়শ্ৰীত ৰাইজক বোলছবি দেখুৱাইছিল ৷ ভূমি ভাড়াত লৈ নিৰ্মাণ কৰা বোলছবি গৃহটিৰ নামকৰন ৰূপকোঁৱৰৰ কন্যা জয়শ্ৰী আগৰৱালাৰ জয়শ্ৰী নামেৰে কৰিছিল ৷ ১৯৩৫ চনত ৰূপকোঁৱৰে নিৰ্মাণ কৰিছিল জয়মতী বোলছবিখন ৷ ঠিক ৪ বছৰৰ পিছতে ইন্দ্ৰমালতী নিৰ্মাণ কৰা হৈছিল ৷ ছবি নিৰ্মাণ কৰিলে নহ'ব ৷ মানুহে চাব লাগিব ৷ চাবৰ বাবে বোলছবি গৃহ লাগিব ৷

প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণৰ পিছত জ্যোতিপ্ৰসাদ লোকচানৰ সন্মুখীন হৈছিল ৷ কাৰণ ছবি গৃহৰ অভাব ৷ পিছত আগৰৱালাই ছবি নিৰ্মাণৰ লগতে ছবি গৃহ নিৰ্মাণতো গুৰুত্ব দিছিল ৷ দিত্বীয়খন ছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰি জয়শ্ৰীত ছবিখন মধ্য অসমৰ ৰাইজক দেখুৱাইছিল ৷

সময় পাৰ হ'ল ৷ ৰূপকোঁৱৰৰ জয়শ্ৰীত বোলছবি চাবলৈ মানুহৰ লাইন নিছিগা সোঁত বলে ৷ সময়ে সময়ে বোলছবি গৃহটিৰ পৰিচালনা কৰা লোক সলনি হ'ল ৷ অসমীয়া বোলছবিৰ উত্তৰনৰ ইতিহাসৰে জড়িত জয়শ্ৰীৰ সুপৰিচালনাৰ অভাবো বিভিন্ন সময়ত পৰিলক্ষিত হৈছিল ৷ পৰিকল্পনা আৰু পৰিচালনাৰ অদক্ষতাৰ বাবে জয়শ্ৰীত সুস্হভাবে বোলছবি চোৱাৰ পৰিবেশ এটি নোহোৱাৰ উপক্ৰম হল ৷ এদিন ছবিগৃহটিত দৰ্শকৰ অভাব হল ৷

সুদীৰ্ঘ সময় জয়শ্ৰী বোলছবি গৃহটি কি হল কোনেও খবৰ নোলোৱা হল ৷ অসমীয়া বোলছবিৰ জয় যাত্ৰাৰ বেলি সোনোৱালী আখৰেৰে লিখা জয়শ্ৰীত ভূমিৰ গৰাকী পক্ষৰ পৰা হাতুৰীৰ কোব পৰিল ৷ প্ৰতিবাদ হল ৷ সৰব নহল ৷ মুষ্টিমেয় লোকৰ মাজত প্ৰতিবাদ সীমাবদ্ধ হৈ থাকিল ৷ প্ৰতিবাদৰ প্ৰচাৰো সীমাবদ্ধ হৈ থাকিল ৷ ভূমিৰ গৰাকীয়েও এক বৰ্নিল ইতিহাসৰে জৰিত জয়শ্ৰী বোলছবি গৃহটি পৰিকল্পনাৰ মাজেৰে সংৰক্ষন কৰাত কোনো গুৰুত্ব নিদিলে ৷ হাতুৰীৰ কোবৰ স্হানত জেচিবি চলাই কালৰ বুকুত বিলীন কৰি দিলে জয়শ্ৰী বোলছবি গৃহটি ৷

আজি ১৭ জানুৱাৰী ৷ ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিন ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জ্যোতিবন্দনা ৷ ন চামক জ্যোতিৰ কৰ্মৰাজি দেখুৱাবলৈ নগাঁৱৰ চাৰি আলিটোত আজি কিন্তু নাই জয়শ্ৰী বোলছবি গৃহটি ৷ বিচাৰি পাবলৈ নাই এটি চানেকিও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in