নগাঁও অগপত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ, দলত্যাগ যুৱ নেতাৰ

নগাঁও অগপত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ, দলত্যাগ যুৱ নেতাৰ

ডিজিটেল সংবাদ, নগাঁওঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলীয় সংঘাতে চৰম পৰ্যায় পোৱা পৰিলক্ষিত হৈছে৷ তদুপৰি নিৰ্বাচনৰ পূৰ্বে দলৰ ভিতৰৰে একাংশ নেতা-কৰ্মীৰ মাজত সৃষ্টি হোৱা সংঘাতে দলৰ ভেটি দুৰ্বল কৰা বুলি চৰ্চা চলিছে৷ সেই সময়তে এইবাৰ নগাঁও জিসলা অগপত অন্তৰ্কন্দলৰ কথা পোহৰলৈ আহিছে৷

জানিব পৰা মতে, নগাঁৱত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে অগপৰ যুৱ পৰিষদৰ জিলা সভাপতি মৃন্ময় বৰপূজাৰীয়ে দলত্যাগ কৰে৷ দীৰ্ঘদিন ধৰি অগপৰ সৈতে জড়িত যুৱ নেতাগৰাকীয়ে অগপৰ ভিতৰচৰাত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে৷

আনহাতে দলত্যাগ কৰাৰ পিছতে যুৱ নেতা মৃন্ময় বৰপূজাৰীয়ে বঢ়মপুৰ সমষ্টিৰ ডিফলু গাঁও পঞ্চায়তৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰি ইতিপূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in