শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

নবেল বিজয়ী মালালই কাৰ সৈতে কৰিলে হিয়া-দিয়া-নিয়া…

ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ’ল নবেল বিজয়ী মালালা ইউছুফাইজাই। ছচিয়েল মিডিয়াৰ জৰিয়তে স্বয়ং মালালই সদৰী কৰিছে এই কথা। টুইটাৰ হেণ্ডেলত মালালাই লিখিছে, আজি মোৰ জীৱনৰ এক অমূল্য দিন। বিবাহ বন্ধনৰ কথা উল্লেখ কৰি এটা সৰু অনুষ্ঠানৰ জৰিয়তে এই বিবাহ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল বুলিও উল্লেখ কৰিছে মালালাই।

মালালাৰ বিবাহৰ খবৰ লাভ কৰাৰ পিছতে তেওঁৰ অনুৰাগীসকলে মালালাৰ স্বামী কোন সেই বিষয়ে জানিবলৈ উৎকণ্ঠিত হৈ পৰিছে। জানিব পৰা মতে মালালাৰ স্বামী পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে জড়িত। তেওঁ বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ জেনেৰেল মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ নাম অছৰ মালিক। পূৰ্বে মালিকে খেলুৱৈ পৰিচালনা কোম্পানীৰ পৰিচালনা সঞ্চালকৰ দায়িত্বও পালন কৰিছিল।

উল্লেখ্য যে, মালালাই ছোৱালী শিক্ষাৰ বাবে মাত মাতি আহিছে। ছোৱালীৰ শিক্ষাৰ বাবে মাত মতাৰ বাবেই তেওঁ তালিবানৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈছিল। আমেৰিকান সেনাৰ সহায়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মালালাই ইয়াৰ পিছতো মনোবল হ্ৰাস কৰা নাছিল আৰু নিজেই শিক্ষা গ্ৰহণ কৰাৰ লগতে নাৰীৰ শিক্ষাৰ বাবে ধাৰাবাহিকভাৱে মাত মাতি আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি