দুই সাংবাদিক মাৰিয়া ৰাছা আৰু দিমিত্ৰি মুৰাটভলৈ শান্তিৰ নবেল…

দুই সাংবাদিক মাৰিয়া ৰাছা আৰু দিমিত্ৰি মুৰাটভলৈ শান্তিৰ নবেল…

ডিজিটেল ডেস্কঃ ফিলিপাইনৰ সাংবাদিক মাৰিয়া ৰাছা আৰু ৰাছিয়াৰ সাংবাদিক দিমিত্রি মুৰাটভক ২০২১ চনৰ শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছে। মত প্ৰকাশৰ স্বাধীনতাৰ বাবে সংগ্ৰামৰ বাবে তেওঁলোক দুয়োজনক এই বঁটা প্ৰদান কৰা হৈছে। শুকুৰবাৰে নৰৱেৰ নবেল কমিটিৰ অধ্যক্ষ বেৰিট ৰেইছ-এণ্ডাৰছনে এই বিষয়ে ঘোষণা কৰে।

যোৱা বছৰ, বিশ্ব খাদ্য কাৰ্যসূচীক এই বঁটা প্ৰদান কৰা হৈছিল। এই বিশ্ব খাদ্য কাৰ্যসূচী ১৯৬১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডুইট আইজেনহাৱাৰৰ নিৰ্দেশত বিশ্বজুৰি ভোকৰ মোকাবিলা কৰাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল।

উল্লেখ্য যে আগন্তু ১০ ডিচেম্বৰত আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ব শান্তিৰ লগতে অন্যান্য শিতানৰ নবেল বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in