NO VOTE, NO ROAD – নাৰায়ণপুৰত ৰাইজৰ প্ৰতিবাদ…

NO VOTE, NO ROAD – নাৰায়ণপুৰত ৰাইজৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা গুৰুত্বপূৰ্ণ পথ । মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা নুনিবাৰী-চকীয়াল হৈ মাজুলী সংযোগী সদা ব্যস্ত এই গুৰুত্বপূৰ্ণ পথটোৱে স্বাধীনতাৰ ৭ দশকৰ পিছতো নেদেখিলে উন্নয়নৰ মুখ । পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাত আৰু একাঠু পৰ্যন্ত বোকাময় হৈ পৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভোগাই আহিছে পথচাৰী সকলক । বছৰ বছৰ ধৰি পুনৰ নিৰ্মাণ নোহোৱাত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে পথটো ।

নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ মাজেৰে পাৰ হৈ যোৱা উক্ত পথটো পুনৰ নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে মিচিং স্বায়ত্ত পৰিষদ,গাঁও পঞ্চায়তৰ লগতে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক বিগত সময় চোৱাত বহুবাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে । উল্লেখ্য যে দৈনিক সহস্ৰাধীক লোকে যাতায়ত কৰা উক্ত পথটোৰ দুৰৱস্থাৰ বাবে চকীয়াল,নুনিবাৰী,পাদীগাঁও ৰ উপৰি মাজুলী সমষ্টিৰ চেঙেলীসূতি,গোপালচুক,মিছামৰাকে ধৰি এক বৃহৎ অঞ্চললৈ যাব নোৱাৰে এম্বুলেঞ্চ ।

ফলত অঞ্চলটোৰ লোক সকলৰ অসুখ-বিসুখ হ'লে ভয়াবহ সমস্যাৰ সন্মুখীন হ'ব লগা হয় লোক সকল । বিগত সময়ছোৱাত অন্যান্য ৰোখীৰ লগতে বহুকেইগৰাকী প্ৰসূতিও চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু মুখত পৰাৰ দৰে দুখজনক ঘটনা সংঘটিত হৈছে অঞ্চলটোত । মাধৱদেৱ বিশ্ববিদ্যালয়,উন্নয়ন খণ্ড,ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়,মহাত্মা গান্ধী আদৰ্শ হস্পিতাল,পশু চিকিৎসালয়,মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান-চৰকাৰী কাৰ্যালয়ৰ উপৰি ব্যৱসায়-বানিজ্যৰ বাবে যাবলৈ এই পথটো এক বৃহৎ অঞ্চলৰ ৰাইজৰ বাবে অতি চমু তথা গুৰুত্বপূৰ্ণ পথ ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে পথটোৰ দুৰৱস্থাৰ বাবে পথচাৰী সকলে বছৰ বছৰ ধৰি এনেদৰে জমৰ-যাতনা ভোগ কৰি আহিছে । বিগত সময়ত গাঁও পঞ্চায়ত,মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই আশ্বাস বহুত দিলে অঞ্চলটোৰ ৰাইজক । এইবাৰ আৰু আশ্বাস নালাগে । এইবাৰ পথহে লাগে ৰাইজক । পৰিণতিত আজি ৰাজপলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ শতাধিক লোকে । ন' ৰোড ন' ভোট,বিজেপি চৰকাৰ হুঁচিয়াৰ,দেবানন্দ হাজৰিকা গ'বেক ধ্বনিৰে উত্তাল কৰি তোলে সমবেত ৰাইজে ।

ৰাইজৰ দাবী ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতায়ত বিধ্বস্ত পথটো নিৰ্মাণ কৰক । অন্যথা ভোট বৰ্জনৰ লগতে অঞ্চলটোত সকলো ৰাজনৈতিক দলৰ প্ৰবেশ নিষিদ্ধ কৰণৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ৰাইজে হুংকাৰ দিয়ে।

এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা কুক্ষিগত কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ লগতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৫ নং ডিক্ৰং সমষ্টিৰ কাৰ্য্যবাহী সদস্য দিলীপ পেগুৱে এইসকল জনতাৰ কথা শুনিবলৈ আহৰি পাবনে …?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in