বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰা নগদ ধনত নাপাব প্ৰে’ট্ৰল-ডিজেল…

বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰা নগদ ধনত নাপাব প্ৰে’ট্ৰল-ডিজেল…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ চূণচালিৰ জয়পুৰৰ পৰা নিৰ্বাচনী দায়িত্বত থকা অভিযানকাৰী দল আৰু নুনমাটি থানাৰ আৰক্ষীয়ে বুধবাৰে মহেশ্ৰী দত্ত বৰুৱা নামৰ লোকজনৰ পৰা জব্দ কৰিছিল ২৫.১১ লাখ টকা। এই ধনখিনি আছিল বাইহাটা চাৰিআলিস্থিত এটি পেট্ৰ'ল ডিপুৰ স্বত্তাধিকাৰ অমৃত ডেকাৰহে আছিল। পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনৰ গুৱাহাটী শাখাই এই কথা জানিবলৈ দি কয় যে- যোৱা কেইবাদিনো বিহুৰ উপলক্ষ্যে বেংক বন্ধ থকাৰ বাবে ডিপুটোত দৈনিক বিক্ৰীৰ জৰিয়তে সংগ্ৰহ কৰা নগদ ধন ডিপুৰ পৰিচালক মহেশ্ৰী দত্ত বৰুৱাই নিজৰ ঘৰত জমা ৰখাৰ পিছত বুধবাৰে বেংক শ্লিপসহ জমা দিবলৈ বুলি উলাওতেই ধনখিনি ফ্লায়িং স্কোৱাডে জব্দ কৰে।

এছ'চিয়েচনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে- দত্ত বৰুৱাই সংশ্লিষ্ট তথ্য পাতি দেখুৱাৰ পিছতো সৈমান নোহোৱা দলটোৱে তেওঁক আৱৰ্ত ভৱনলৈ মাতি পঠিয়াই যদিও পিছত ধনখিনি ট্ৰেজাৰিত জমা দি বিষয়টো আয়কৰ বিভাগলৈ হস্তান্তৰ কৰে। ইয়াৰ পিছত কৰ ভৱনত বুধবাৰে নিশা লৈকে মহেশ্ৰী দত্ত বৰুৱাক এই সন্দৰ্ভত জেৰা কৰি থকা হৈছে।

ইফালে ডিলাৰ এছ'চিয়েচনৰ তৰফৰ পৰা নিৰ্বাচন আয়োগ, জিলা প্ৰশাসন তথা কৰ বিভাগক এই বিষয়ে অৱগত কৰাৰ পিছতো ধনখিনি মুকলি কৰি নিদিয়াত বুধবাৰে সন্ধিয়া এছ'চিয়েচনৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত সমগ্ৰ ঘটনাক্ৰম বিস্তৃতভাৱে আলোচনা কৰাৰ পিছত বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰা ২৩ এপ্ৰিল পৰ্যন্ত অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বৃহত্তৰ গুৱাহাটীৰ পেট্ৰ'ল ডিপু সমূহত নগদ ধনৰ বিপৰীতে তেল বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়।

এই বিষয়ে জানিবলৈ দি এছ'চিয়েচনৰ বিষয়ববীয়া ৰাজীৱ গোস্বামীয়ে কয় যে- তেল ডিপু সমূহত সৰহীয়া তেল ক্ৰয় কৰা সীমিত সংখ্যক মানুহেহে ডেবিট কাৰ্ডৰ জৰিয়তে মূল্য আদায় দিয়ে। যিহেতু সকলো ক্ৰেতাৰ হাতত কাৰ্ড নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি ডিপু সমূহেও নগদ ধন গ্ৰহণৰ ক্ষেত্ৰত আপত্তি কৰা নাছিল যদিও, দুদিন বেংক বন্ধ থাকিলেই বৃহৎ পৰিমাণৰ নগদ ধন হাতত জমা ৰাখি পৰৱৰ্তী সময়ত বেংকত জমা দিয়াৰ ব্যৱস্থা চলি আছিল।

এনেক্ষেত্ৰত দৈনিক বিক্ৰীৰ ধনৰ বিপৰীতে বেংকৰ ডিপ'জিত স্লিপো লগত ৰখাৰ ব্যৱস্থা আছিল। কিন্তু বুধবাৰৰ ঘটনাই পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনৰ প্ৰতিগৰাকী সদস্যকে এনে পৰিস্থিতিৰ আশংকাৰ মাজলৈ ঠেলি দিয়াৰ পৰিপ্ৰেক্ষিততে গ্ৰাহকৰ অসুবিধা হ'ব বুলি জানিও ডেবিট কাৰ্ড ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰাৰ বাবে পদক্ষেপ ল'বলৈ বাধ্য হোৱা বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in