কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা…

কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা…

ডিজিটেল ডেস্কঃ অসমত কেব বিৰোধী প্ৰতিবাদে অধিক উত্তপ্ত পৰিৱেশে বিৰাজ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১০খন জিলাত বুধবাৰে সন্ধিয়া ৭ বজাৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ৭ বজালৈ মুঠ ২৪ ঘণ্টাৰ বাবে বন্ধ কৰিলে ইন্টাৰনেট সেৱা।

লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্যত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব ইন্টাৰনেট সেৱা। ইয়াৰ পূৰ্বে অৰুণাচল আৰু ত্ৰিপুৰাত কেব বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰেই বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা।

অসমত কেব বিৰোধী প্ৰতিবাদ অধিক তীব্ৰতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিশা ১২ বজাৰ পাছত ইন্টাৰনেট সেৱা বন্ধ কৰাৰ অধিক সম্ভাৱনাই আছিল। সেই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে প্ৰকাশ কৰিছিল এই বাতৰি।

বুধবাৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ বাতৰি সঁচা প্ৰমাণিত কৰিয়েই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবে ঘোষণা কৰিলে যে অসমত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব ইন্টাৰনেট সেৱা। উল্লেখ্য যে, অসমৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়েই গৃহ মন্ত্ৰণালয়ে অসমত মোতায়ন কৰিছে অতিৰিক্ত অৰ্ধসামৰিক বাহিনীৰ জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in