নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ হ’ব ইণ্টাৰনেট

নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ হ’ব ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চাব নোৱাৰিব ইণ্টাৰনেট। অনলাইন ভিডিঅ' আৰু ছ'চিয়েল মিডিয়াৰ পৰা আসক্তি দূৰ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণৰ যো-জা চলাইছে চৰকাৰে।

অৱশ্যে ভয় খোৱাৰ কোনো কাৰণ নাই। কিয়নো এই সিদ্ধান্ত ভাৰত চৰকাৰৰ নহয়। ভাৰতৰ সৈতে সু-সম্পৰ্ক থকা মালয়েছিয়াৰ চৰকাৰেহে দেশবাসীৰ স্বাস্থ্যৰ কথা চিন্তা কৰি এনে সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে।

প্ৰকাশিত বাতৰি অনুযায়ী, দেশখনত নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ ইণ্টাৰনেটত সম্পূ্ৰ্ণৰূপে ব্যস্ত হৈ পৰে কিশোৰ-কিশোৰীসকল। ফলত প্ৰায়বোৰ বিদ্যালয়তে পাঠদানৰ সময়ত অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে টোপনিয়াই থকাৰ দৃশ্য একপ্ৰকাৰ সূলভ হৈ পৰিছে।

এই তথ্য লাভ কৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে দেশখনৰ উপ-স্বাস্থ্যমন্ত্ৰী লি বুন চে। বিষয়টোক লৈ স্বাস্থ্য বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰাৰ পিছত এতিয়া মাজনিশাৰ পৰা কাহিলীপুৱালৈ সমগ্ৰ মালয়েছিয়াতে ইণ্টাৰনেট বন্ধ কৰিবলৈ চৰকাৰীভাৱে যো-জা চলোৱা হৈছে।

এনে ব্যৱস্থা কাৰ্যকৰী কৰিলে কিশোৰ-কিশোৰীসকলে ইণ্টাৰনেটৰ পৰিৱৰ্তে পঢ়া-শুনাত অধিক সময় মনোনিৱেশ কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰিছে দেশখনৰ উপ-স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in