অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট…

অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি?  অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট…

ডিজিটেল সংবাদ, শ্বিলংঃ কোনো কাৰণতেই অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট। অসমচুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰসমন কৰিবলৈ পৰামৰ্শ দিলেও ইয়াক কাৰ্যকৰী নকৰে নতুন দিল্লীয়ে।

৬ নং দফা কাৰ্যকৰী কৰিবলৈ গঠন কৰা কমিটীৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিম বুলি কোৱা গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ নতুন দিল্লীলৈ যোৱা মেঘালয় চৰকাৰৰ প্ৰতিনিধি দলক অসমত ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য নহয় বুলি জনায়।

উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত মেঘালয় চৰকাৰৰ এটা প্ৰতিনিধি দলৰ অমিত শ্বাহৰে এক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে উপস্থিত হৈছিল দিল্লীত। মেঘালয়ত ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য কৰাৰ দাবীৰে প্ৰতিনিধিৰ দলটো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মিলিত হৈছিল এই আলোচনাত।

মেঘালয়ৰ বিধায়ক তথা প্ৰতিনিধি দলটোৰ সদস্য লেম্বৰ মালঙিয়াঙে সংবাদমাধ্যমৰ আগত কয়- আলোচনাৰ সময়চোৱাত অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য কৰা নহয়। 'অসম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ। সেয়েহে অসমত ইনাৰ লাইন পাৰ্মিট কাৰ্যকৰী কৰাৰ কোনো সম্ভাৱনা নাই।' বুলি প্ৰতিনিধি দলটোৰ আগত গৃহমন্ত্ৰীগৰাকীয়ে সদৰী কৰা বুলি জনাই বিধায়কগৰাকীয়ে।

ইফালে, মেঘালয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে আলোচনাৰ সময়চোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক কয় যে, 'হয় নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক অথবা মেঘালয়ত ইনাৰ লাইন পাৰ্মিট কাৰ্যকৰী কৰক।' আনহাতে, অসম চুক্তিৰ ৬ নং দফাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীৰ সদস্য ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমত ইনাৰ লাইন পাৰ্মিট কাৰ্যকৰীৰ কৰাৰ লগতে বিধানসভা তথা চাকৰিৰ বাবে আসন সংৰক্ষিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in