বিশ্বনাথত ভোট গণনাত নিয়োজিত কৰ্মচাৰীৰ ঘোষণা- ভাত নাই, আমি কাম নকৰো… VIDEO

বিশ্বনাথত ভোট গণনাত নিয়োজিত কৰ্মচাৰীৰ ঘোষণা- ভাত নাই, আমি কাম নকৰো… VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ মাজতে বিশ্বনাথত উপায়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পঞ্চায়ত নিৰ্বাচনক দায়িত্বত থকা কৰ্মচাৰীসকলক প্ৰয়োজনীয় পৰিমাণৰ খাদ্য যোগান নধৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

আনহাতে কৰ্মচাৰীসকলক যোগান ধৰা খাদ্য অতি নিম্ন মানৰ হোৱাৰ লগতে তেওঁলোকক দিয়া পানী খাই বহু কেইজনন নিৰ্বাচনী বিষয়া-কৰ্মচাৰী অসুস্থ হোৱাৰ অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে। পুৱা ৭ বজাৰ পৰা একেধাৰে নিৰ্বাচনী ভোটগণনা কৰি অহা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল এনে নিম্ন মানৰ খাদ্য সামগ্ৰী যোগান ধৰাক লৈ ক্ষোভিত হৈ পৰে তেওঁলোকৰ।

প্ৰশাসনৰ গাফিলতিৰ বাবেই পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰা হোৱা নাই যিখিনি যোগান ধৰা হৈছে সেয়া অতি নিম্ন মানৰ বুলি অভিযোগ উত্থাপন কৰি বিষয়া-কৰ্মচাৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে যোগান গৃহত প্ৰৱেশ কৰি বাচন বৰ্তন ভাগি ক্ষোভ প্ৰকাশ কৰাৰ লগতে খাবলৈ নাপালে কাম নকৰাৰো হুংকাৰ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in