দিল্লী, মুম্বাইসহ ৬ স্থানৰ পৰা কলকাতালৈ বিমান সেৱা বন্ধ…

দিল্লী, মুম্বাইসহ ৬ স্থানৰ পৰা কলকাতালৈ বিমান সেৱা বন্ধ…

ডিজিটেল ডেস্কঃ দিল্লী, মুম্বাই, পুনে, নাগপুৰ, চেন্নাই আৰু আহমেদাবাদৰ পৰা কলকাতালৈ উৰা মাৰিবলগীয়া সকলো বিমানৰ উৰণ বাতিল কৰা হৈছে। ৬ জুলাইৰ পৰা তিনি সপ্তাহৰ বাবে বন্ধ থাকিল এই চহৰ কেইখনৰ পৰা কলকাতালৈ বিমান সেৱা।

পশ্চিমবংগত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা ৬ জুলাইৰ পৰা ১৯ জুলাইলৈকে পশ্চিমবংগ চৰকাৰে কলকাতাত উল্লেখিত ৬ স্থানৰ পৰা কোনো বিমান অৱতৰণ কৰিব নোৱাৰিব বুলি ঘোষণা কৰি দিছে।

পশ্চিমবংগতো প্ৰতিদিনাই দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈ ৰাজ্যখনত ২০ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, কোভিড-১৯ত আক্ৰান্ত হৈ ৭১৭জনে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in