এইবাৰ জনতা ভৱনত সাধাৰণ জনতাৰ বাবে ন’ এন্ট্ৰি…

এইবাৰ জনতা ভৱনত সাধাৰণ জনতাৰ বাবে ন’ এন্ট্ৰি…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা জনতা ভৱনত কোনো সাধাৰণ লোকে প্ৰৱেশ কৰিব নোৱাৰিব। ৩১ মাৰ্চলৈকে এই নিৰ্দেশনা বাহাল থাকিব।

কোৰোনা ভাইৰাছৰ বাবে পূৰ্বে প্ৰতিদিনে কেৱল ১০০জন লোকহে প্ৰৱেশ কৰিব পাৰিব বুলি নিৰ্দেশ দিয়া হৈছিল। ঠিক তেনেদৰে কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছিল। কিন্তু বুধবাৰে পুৱাই জনতা ভৱনত প্ৰৱেশৰ বাবে বহুলোকে ভিৰ কৰে। যাৰ বাবে কোৰোনা ভাইৰাছত আক্ৰান্ত লোক আহিলে এই ৰোগ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

সেই অনুসৰিয়ে বুধবাৰৰ পৰা ৩১ মাৰ্চলৈকে সাধাৰণ লোকৰ জনতা ভৱনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। যদিহে গুৰুত্বপূৰ্ণ কামৰ বাবে কোনো লোকৰ খবৰ ল'বলগীয়া হয় তেতিয়া ফোন বা ই-মেইলযোগে জনতা ভৱনৰ সৈতে যোগাযোগ কৰি খবৰ ল'ব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in