মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ অসম সাহিত্য সভাৰ অধিবেশনত!

মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ অসম সাহিত্য সভাৰ অধিবেশনত!

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন। তাৰবাবে চলিছে ব্যাপক প্ৰস্তুতি। অহা ১, ২, আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই অধিবেশন।

কিন্তু অধিবেশনৰ প্ৰাক মূহুত্বত অধিবেশনলৈ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা যুৱ ছাত্ৰ পৰিষদে এই বিধেয়কখনক সমৰ্থন কৰা সকলো ৰাজনৈতিক নেতাকে সভালৈ আমন্ত্ৰণ নজনাবলৈ অধিবেশনৰ অভ্যথনা সমিতিৰ লগতে অসম সাহিত্য সভালৈ পত্ৰ প্ৰেৰণ কৰিছে।

অন্যথা যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিছে। জানিব পৰা মতে এই অধিবেশনলৈ মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়ক তথা ৰাজনৈতিক নেতাক আমন্ত্ৰণ জনোৱা হৈছিল।

কিন্তু যুৱ ছাত্ৰ পৰিষদে সভাত এইসকলৰ প্ৰবেশ নিষিদ্ধ কৰাত এতিয়া সাহিত্য সভাই কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in