কৃষক আন্দোলনত কৃষক মৃত্যু হোৱাৰ বিষয়ে চৰকাৰ অৱগত নহয়ঃ সংসদত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য…

কৃষক আন্দোলনত কৃষক মৃত্যু হোৱাৰ বিষয়ে চৰকাৰ অৱগত নহয়ঃ সংসদত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য…

ডিজিটেল ডেস্কঃ কৃষক আন্দোলনৰ সময়ত কিমান কৃষকৰ মৃত্যু হ'ল সেই বিষয়ে জ্ঞাত নহয় নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ। সংসদৰ শীতকালীন অধিৱেশনত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে। প্ৰায় ১ টা বছৰ ধৰি চলা কৃষকৰ আন্দোলনৰ সময়ছোৱাত প্ৰায় ৭০০ কৃষকৰ মৃত্যু হৈছিল। এই মৃত কৃষকসকলক ইতিমধ্যে কৃষকসংগঠনৰ লগতে আন্দোলনক সমৰ্থন কৰা সকলোৱে শ্বহীদ আখ্যা দিছে। কিন্তু এই শ্বহীদ কৃষকৰ কোনো তথ্য নাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত।

এক লিখিত প্ৰশ্নৰ উত্তৰত নৰেন্দ্ৰ সিং তোমাৰে সংসদত কয় যে, কৃষক আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষক আৰু তেওঁলোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰৰ বিষয়ে চৰকাৰ অৱগত নহয়। গতিকে কাকো আৰ্থিক সাহায্য দিয়াৰ কোনো প্ৰশ্নই নাই।

শীতকালীন অধিবেশনৰ মাজতে সংদত সোধা হৈছিল, কৃষক আন্দোলনৰ সময়ত কিমান কৃষকৰ মৃত্যু হ'ল সেই বিষয়ে তথ্য আছেনেকি আৰু চৰকাৰে তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ভাবিছে নেকি? ইয়াৰ প্ৰত্যুত্তৰত কৃষি মন্ত্ৰীগৰাকীয়ে এই উত্তৰ প্ৰদান কৰিছে।। মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সদনক এইটোও কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষক নেতাসকলৰ সৈতে ১১ টা পৰ্যায়ত আলোচনা কৰিছিল কিন্তু আলোচনা ব্যৰ্থ হৈছিল।

মন কৰিবলগীয়া যে, কৃষক সংগঠনসমূহে দাবী কৰে যে আন্দোলনৰ সময়ত ৭০০ ৰো অধিক কৃষকৰ মৃত্যু হৈছে। মাত্ৰ ১১ দিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে কৃষকসকলৰ ওচৰত ক্ষমা বিচাৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in