বৰ্তমানলৈ ভাৰতত অমিক্ৰ’নত আক্ৰান্ত এটাও ঘটনা পোহৰলৈ অহা নাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী…

বৰ্তমানলৈ ভাৰতত অমিক্ৰ’নত আক্ৰান্ত এটাও ঘটনা পোহৰলৈ অহা নাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে দেশবাসীক দিছে কিছু সকাহৰ খবৰ। যি সময়ত সমগ্ৰ বিশ্বতে কোৰোনাৰ নতুন ভেৰিয়েন্ট 'অমিক্ৰ'ন'ক লৈ আতংকিত হৈ পৰিছে মানুহ, সেই সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাৱীয়ে কয় যে- পৃখিৱীৰ ১৪খন দেশত ধৰা পৰিছে কোভিডৰ এই নতুন ভেৰিয়েন্টটো। কিন্তু বৰ্তমানলৈ ভাৰতত ইয়াৰ এটাও ঘটনা পোহৰলৈ অহা নাই। ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় এনেদৰে।

কিন্তু দেশৰ বিভিন্ন ৰাজ্যত কোৰোনাৰ এই নতুন ভেৰিয়েন্ট অমিক্ৰ'নক লৈ শংকা বিৰাজ কৰি আছে। ইফালে, মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰীক এক অনুৰোধ জনায়। টুইটাৰত কেজৰিৱালে লিখিছে- অমিক্ৰ'নত আক্ৰান্ত দেশৰ পৰা কোনো বিমান যাতে ভাৰতত অৱতৰণ কৰা নহয়। এনে বিমানসমূহৰ সেৱা বন্ধ কৰিব লাগে প্ৰধানমন্ত্ৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in