নিৰ্বাচনৰ বতৰে আউল লগালে শিপিনীৰ তাঁতত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নলবাৰীঃ বহাগ আহিল, গছে গছে কুঁহিপাত মেলি প্ৰকৃতিয়ে নতুনৰ বতৰা দিলে। বসন্তৰ মাদকতাই যেন প্ৰকৃতিত খলকনি লগালে। পদুলি মুখত ফাগুনে সুহুৰি মাৰি আদৰিলে বসন্ত ৰাণীক। বিহু আহিল বনত, পিছে আজি যেন বিহু নাহিল মনত। বিহুৱাৰ মাদকতাই উপচাব পৰা নাই আজিৰ নিৰ্বাচন কেন্দ্ৰিক সমাজখনক। কুলি কেতেকীৰ হিয়া ভঙা কন্ঠই যেন এইবাৰ দেশ খনত বসন্তৰ উন্মাদনা সিচিব পৰা নাই। সমান্তৰালভাৱে ৰঙালি বিহু আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ হেতু ৰাইজৰ মাজত বিহুৰ মাদকতা ধুসৰ হৈ পৰিছে।

পাহৰিছে ডেকা-গাভৰুৱে ঘৰৰ পিৰালিত, গছৰ তলত বিহুৰ আখৰাৰ কথা। দেশৰ সৰ্বসাধাৰণ ৰাইজে অনাগত নিৰ্বাচনৰ নামত নিৰ্বাচনী বতাহত দৌৰি ফুৰিছে নিজৰ নিজৰ পচন্দৰ দল তথা নেতা সকলৰ লগত। এচাম বুদ্ধিয়ক লোকে এই ৰাজনীতিৰ মেৰ পেচত এচামক সুমুৱাই দি নিজৰ মুনাফা আদায়ত ব্যস্ত হৈ পৰিছে। কিয়নো তাঁতৰ শিপিনীয়ে হওক বা ডেকা গাভৰুৱে হওক তেওলোকে বিহুৰ পূৰ্ব প্ৰস্তুতিৰ বাবে এই কেইদিন অতি জৰুৰী আছিল। বিহুৰ দিনা বিহুৱান খন দিবলৈ শিপিনীয়ে হয়তো মাঁকোৰ খিটিৰ খিটিৰ শব্দৰে বিহুৱান বোৱাত ব্যস্ত হব লাগিছিল। এই কেইদিন তেওঁলোকে নিৰ্বাচনৰ আখৰা কৰাতে ব্যস্ত হৈ পৰিল।

নলবাৰীৰ চামতা শিপিনী ৰমলা কলিতাই অতি দুখেৰে কয়-মোৰ একমাত্ৰ উপাৰ্জনৰ আহিলা এই তাঁতশালখন। নিৰ্বাচনৰ বাবে মই আজি নিয়মিত তাঁতশালত বহিব পৰা নাই। গাঁৱৰ মহিলা সমিতিৰ সদস্যসকলৰ লগত নিৰ্বাচনৰ বাবে সমদল, ৰাজহুৱা সভা আদি কৰাৰ বাবে নিয়মিত ভাবে তাঁতশাল খনত বহিব পৰা নাই। যাৰ ফলত মই এইবাৰ গামোচা বিক্ৰী কৰি উপাৰ্জন কৰিব পৰা নাই ৭-৮  হাজাৰ টকা। বাঁহজানীৰ লনিয়ে কয়-এইবাৰ মোৰ বিহু নচা নহয় কিয়নো আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গাঁৱৰ মহিলা সকলৰ লগত সভা সমিতিত ঘূৰি ফুৰোতে বিহুৰ আখৰাই নহল। ইফালে গনতন্ত্ৰৰ উৎসৱ আনপিনে বাপোটি সাহোন ৰঙালী বিহু উৎসৱ। ৰাজনৈতিক নেতাসকলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত এই সৰ্বসাধাৰন ৰাইজ তথা অনেকজন খাটিখোৱা ৰমলা আৰু লনিৰ দৰে সচাঁ অনুভুতিক গুৰুত্ব দিবনে? এয়া এক প্ৰশ্ন হৈ পৰিছে ৰাইজৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in