কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্যক লৈ পুনৰ শ’লঠেকত বিজেপি

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্যক লৈ পুনৰ শ’লঠেকত বিজেপি

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীৰ এক মন্তব্যই পুনৰ শ'লঠেকত পেলাইছে বিজেপিক৷ দেওবাৰে অভিনেত্ৰী ঈশা কোপ্পিকৰৰ বিজেপিত যোগদান উপলক্ষ্যে দিল্লীত অনুষ্ঠিত সমাৰোহত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সপোন যি সকল নেতাই দেখুৱাব জানে সেইসকল নেতা জনতাৰ প্ৰিয়৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'সপোন দেখুওৱা নেতাসকল জনতাৰ প্ৰিয়৷ কিন্তু যদি দেখুওৱা সপোন পূৰণ নকৰে তেন্তে সাধাৰণ জনতাৰ পিটনো খাব লাগিব পাৰে৷ গতিকে যি সপোন পূৰণ কৰিব পাৰা, তেনে সপোন হে জনতাকো দেখুওৱা উচিত৷'

নীতিন গাডকাৰীয়ে পুনৰ কয়, 'মই সপোন দেখুৱাই পূৰণ নকৰা সকলৰ মাজৰ এজন নহয়৷ মই যি কও সেয়া মই এশ শতাংশ গেৰেন্টীৰে সৈতে পূৰণ কৰো৷' কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰ জৰিয়তে পৰোক্ষ ভাৱে নিজৰ দলৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিছে নেকি বুলি এতিয়া প্ৰশ্নৰ উত্থাপন কৰিছে বিভিন্নজনে৷

উল্লেখ্য যে, ২০১৪ চনত যি সপোন জনতাক দেখুৱাই নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল, সেই সপোন প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে৷ মোডীয়ে কেৱল সপোন দেখুৱাই জনতাক আভুৱা ভাৰিব জানে বুলি মন্তব্য কৰি বিৰোধীয়ে তেওঁক 'সপোনৰ সদাগৰ' আখ্যাও দিছে৷ তেনে এক পৰিস্থিতিতে মোডী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্রধানমন্ত্ৰীগৰাকীকে পৰোক্ষ আক্ৰমণ কৰা বুলি সন্দেহ কৰিছে বহুতে৷

ইয়াৰ পূৰ্বেও নীতিন গাডকাৰীৰ বাবে শ'লঠেকত পৰিছিল বিজেপি৷ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পিছতে নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ তেওঁ কৈছিল- 'সফলতা, বিফলতা দুয়োটাৰ দায়িত্ব সমানেই স্বীকাৰ কৰি ল'ব লাগে৷ কিন্তু সাধাৰণতে মানুহে পৰাজয় বৰণ কৰাৰ পিছত তাৰ দায়িত্ব স্বীকাৰ কৰিব নিবিচাৰে৷'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in