ৰহাৰ কপিলী শিক্ষাখণ্ডত “নিষ্ঠা”ৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

ৰহাৰ কপিলী শিক্ষাখণ্ডত “নিষ্ঠা”ৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ

ডিজিটেল সংবাদ, ৰহাঃ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন চি ই আৰ টি নতুন দিল্লীৰ দ্বাৰা প্ৰস্তুত কৰা বিদ্যালয়ৰ প্ৰধান আৰু শিক্ষকসকলৰ সামগ্ৰীক অগ্ৰগতি বাবে লোৱা ৰাষ্ট্ৰীয় পদক্ষেপ অনুসৰি যোৱা ২৫ নবেম্বৰৰ পৰা ছয়দিনীয়াকৈ নগাঁও জিলাৰ ৰহা কপিলী প্ৰাথমিক শিক্ষাখণ্ডত আৰম্ভ হৈছে শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী। অহা ৩০ নবেম্বৰলৈকে অনুষ্ঠিত হ'ব লগা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত কপিলী শিক্ষাখণ্ডৰ মুঠ ১৫০ জন শিক্ষকে অংশগ্ৰহণ কৰিছে।

জানিব পৰা অনুসৰি ইয়াৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত ১০০ জন আৰু ৰহা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৫০ জন শিক্ষকে মুঠ ছয়দিন অনাআবাসিক হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰিব। উল্লেখ্য যে, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে প্ৰধান শিক্ষক সকলক শৈক্ষিক দিশত অধিক গতিশীল আৰু প্ৰশিক্ষণ প্ৰদান কৰি সামগ্ৰিক অগ্ৰগতিৰে শিক্ষাৰ মান অধিক উন্নত কৰিবলৈ সমগ্ৰ ৰাষ্ট্ৰজুৰি গ্ৰহণ কৰা (National Initiative for school Heads' and Teachers' Holistic Advance ) এক আঁচিনয়ে হ'ল "নিষ্ঠা"।

সোমবাৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত এই প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰে ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লেখামনি হীৰাই। লগতে উপস্থিত থাকে ৰহা বুনি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড৹ নিৰলা দেৱী, জেষ্ঠ প্ৰশিক্ষক অলকেশ দত্ত, বি,আৰ,পি বিজয়ানন্দ লস্কৰ আৰু গাণনিক হেমন্ত ভূঞা। পুৱা ন বজাৰ পৰা বিয়লি চাৰি বজালৈকে অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত দুয়োটা কেন্দ্ৰতে কে,আৰ,পি হিচাপে প্ৰশিক্ষণ আগবঢ়াইছে ৰুবুল দাস, জিতুমনি বৰদলৈ,বিনীতা হাজৰিকা, পংকজ কুমাৰ দাস, প্ৰসন্ন কুমাৰ দাস, নীলাক্ষী কাকতি, মনালিছা বৰা, অনিতা দেবী আৰু বিনয় কুমাৰ লৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in