শুকুৰবাৰে সন্ধিয়া ৬ বজাত অম্বিকাগিৰি নগৰৰ সেউজ সংঘলৈ আহক, আপুনিও উপভোগ কৰিব পাৰিব “নিৰুদ্দেশ”

শুকুৰবাৰে সন্ধিয়া ৬ বজাত অম্বিকাগিৰি নগৰৰ সেউজ সংঘলৈ আহক, আপুনিও উপভোগ কৰিব পাৰিব “নিৰুদ্দেশ”

ডিজিটেল ডেস্কঃ মহানগৰীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ মহেন্দ্ৰ বৰঠাকুৰ মুকলি মঞ্চত শুকুৰবাৰে মঞ্চস্থ কৰা হ'ব দুৰ্গেশ্বৰ বৰঠাকুৰৰ নাটক 'নিৰুদ্দেশ'। বৰঠাকুৰৰ পবিত্ৰ স্মৃতিত তেওঁৰ দ্বাৰাই ৰচিত নাটকখন মঞ্চস্থ কৰা হ'ব সন্ধিয়া ৬ বজাত। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত মঞ্চস্থ কৰিবলগীয়া নাটকখনৰ বাবে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজকসকলে।

এমেচাৰ নাট্যজগতৰ চিনাকী মুখ ৰূপজ্যোতি বৰঠাকুৰে পৰিচালনা কৰিবলগীয়া নাটকখনৰ জৰিয়তে দৰ্শকসকলে মনোৰঞ্জনৰ সোৱাদ পাব বুলি আশা কৰা হৈছে। দৈনন্দিন ব্যস্ততা, গতানুগতিক কামৰ মাজতে নাটকখনে এখন্তেকৰ বাবে দিব প্ৰাণ খুলি হঁহাৰ সুযোগ।

ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক দুৰ্গেশ্বৰ বৰঠাকুৰৰ স্মৃতিত মঞ্চস্থ কৰিবলগীয়া নাটকখনত অভিনয় কৰিব ৰাজ্যৰ কেবাগৰাকী আগশাৰীৰ শিল্পীয়ে। অভিনয়ত আছে নৱদ্বীপ বৰগোঁহাই, দিপ্ত প্ৰসাদ গোস্বামী, ডঃ চন্দন তালুকদাৰ, ডঃ বিজিত দেৱ চৌধুৰী, অশোক কুমাৰ দাস, শান্তনু দত্ত, জোনালী শৰ্মাকে ধৰি কেবাগৰাকী জনপ্ৰিয় শিল্পী।

'নিৰুদ্দেশ' নামৰ নাটখনি এসময়ত দিল্লীৰ পৰা টিভি যোগে সম্প্ৰচাৰ কৰা হৈছিল। ৰচনাৰ সময়ৰে পৰা দেশে-বিদেশে বিভিন্ন স্থানত নাটকখনে দৰ্শকৰ সমাদৰ লাভ কৰিছে। নিৰুদ্দেশৰ স্ৰষ্টা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজীত। কটন কলেজত শিক্ষাগ্ৰহণ কৰিছিল বৰঠাকুৰে। তাৰ পিছতে তেওঁ নতুন অসমীয়া কাকত, ৰিৰ্জাভ বেংকত কিছুদিন কাৰ্যনিবাহ কৰিছিল। পৰৱৰ্তী সময়ত বৰঠাকুৰে শিলচৰ অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

কেৱল মাত্ৰ যে নাটক ৰচনাতে পাকৈত আছিল তেনে নহয়, দুৰ্গেশ্বৰ বৰঠাকুৰে একেধাৰে নাটকৰ লগতে কথাছবি, উপন্যাস ইত্যাদি ৰচনা কৰি অসমৰ সাহিত্য জগতক আগুৱাই যোৱাত বহুতো অৰিহণা যোগাইছিল। তেওঁৰ সৃষ্টিৰাজী আজিও অসমীয়া সাহিত্য জগতত সোণালী আখৰেৰে জিলিকি আছে। তেওঁৰ কেইখনমান অনাতাঁৰ নাটক হৈছে বিহগুটিৰ বিলৈ, যতে ৰাতি হয়, চোক-চিপাহী কোট, কিডনেপ, ধুমুহা, নিৰ্দিষ্ট বক্তা, মুকুট ইত্যাদি। তেওঁ ৰচনা কৰা কেবাখনো অনাতাঁৰ নাটকে ৰাষ্ট্ৰীয় পুৰষ্কাৰ আজুঁৰি আনিবলৈও সক্ষম হৈছিল।

বৰঠাকুৰে ছদ্ম নামেৰে লিখা বহু খুহুতীয়া লেখা সেইসময়ত বাতৰি কাকতত প্ৰকাশ পাইছিল। অবিকল গোষ্ঠীয়ে তেওঁক 'ৰসৰাজ' উপাধিৰে সন্মানিত কৰিছিল। বৰঠাকুৰৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে গজেন্দ্ৰ উপখ্যান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in