শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, শ্ৰদ্ধাঞ্জলী জ্ঞাপন…

শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, শ্ৰদ্ধাঞ্জলী জ্ঞাপন…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ সন্ত্ৰাসবাদীৰ বৰ্বৰতাত যোৱা ১২ জুনত কাশ্মীৰত  দেশ মাতৃৰ সেৱাত ব্ৰতী হৈ প্ৰাণাহুতি দিয়া নলবাৰী জিলাৰ টিহু-বৰমাৰ নিকটৱৰ্ত্তী দহকনীয়া অঞ্চলৰ বীৰ সন্তান নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দল।

বীৰ ছহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড৹ ভূমিধৰ বৰ্মনৰ লগতে তেখেতৰ নেতৃত্বত অহা প্ৰতিনিধি দলত আছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, সম্পাদক শৈলেন কলিতাৰ লগতে, যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাতুল পাটোৱাৰী, সমষ্টি সমন্বয়ক ৰাতুল কলিতা, নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, সুনীল পবন পাঠক, টিহু ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি লুটফুৰ ৰহমান এ।

তেখেত সকলে নিৰোদ শৰ্মাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে দেশৰ মাতিত চলি থকা এনে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰি এনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in