নিশা বাসগৃহ পাবহি নিৰোদ শৰ্মাৰ নশ্বৰ দেহ, পৰিয়াললৈ ২০ লাখ টকা ঘোষণা

নিশা বাসগৃহ পাবহি নিৰোদ শৰ্মাৰ নশ্বৰ দেহ, পৰিয়াললৈ ২০ লাখ টকা ঘোষণা

ডিজিটেল সংবাদ, নলবাৰীঃ কাশ্মীৰৰ অনন্তনাগৰ কে পি পথত বুধবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হয় নলবাৰী জিলাৰ বৰমা অঞ্চলৰ দহকাউনীয়া গাঁৱৰ নিৰোদ শৰ্মা। তেওঁ আছিল চি আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক। সন্ত্ৰাসবাদীৰ গ্ৰেনেড আৰু স্বয়ংক্ৰিয় মাৰণাস্ত্ৰৰে কৰা আক্ৰমণত নিৰোদ শৰ্মা ছহিদ হয়।

তেওঁৰ মৃত্যুৰ খবৰ পাই নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে বৃহস্পতিবাৰে ৰাতিপুৱাই ছহিদগৰাকীৰ ঘৰত উপস্থিত হৈ খবৰ লয়। উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনামৰ্মে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ছহিদ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

ছহিদগৰাকীৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা ২০লাখ টকাৰ সাহায্য আগবঢ়োৱা বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। বৃহস্পতিবাৰে নিশা ছহিদগৰাকীৰ মৃতদেহ নিজ গাঁৱৰ ঘৰলৈ আহি পাবহি। এইক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসনে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জিলা তথ্য আৰু জনসংযোগ বিভাগে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in