ব্ৰীফকেছৰ পৰিৱৰ্তে ৰঙা ৰঙৰ মোনাত কিয় অনা হৈছিল বাজেট? কোনে, কিয় বিত্তমন্ত্ৰীক দিছিল এই মোনা…

ব্ৰীফকেছৰ পৰিৱৰ্তে ৰঙা ৰঙৰ মোনাত কিয় অনা হৈছিল বাজেট? কোনে, কিয় বিত্তমন্ত্ৰীক দিছিল এই মোনা…

ডিজিটেল ডেস্কঃ দেশত প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন বিত্তমন্ত্ৰী হিচাপে বাজেট-২০১৯ দাখিল কৰিলে নিৰ্মলা সীতাৰমণে। দাখিল কৰা বাজেটক লৈ আজিও বাক বিতণ্ডাৰ অন্ত পৰা নাই। চৰকাৰীপক্ষই এই বাজেট গণমুখী আখ্যা দিলেও বিৰোধীয়ে কৰ্পৰেট গোষ্ঠীৰ বাবে লাভজনক বাজেট বুলি অভিহিত কৰিছে।

বাজেট দাখিলৰ দিনা চৰ্চিত হোৱা বিষয়বোৰৰ মাজত আছিল বিত্তমন্ত্ৰীয়ে বাজেট কঢ়িয়াই অনা ৰঙা ৰঙৰ মোনাটো। ইংৰাজৰ দিনৰ পৰম্পৰা পৰিহাৰ কৰি নিৰ্মলা সীতাৰমণে ব্ৰীফকেচৰ পৰিৱৰ্তে ৰঙা ৰঙৰ এটা মোনাত কঢ়িয়াই আনিছিল বাজেট।

ৰঙা ৰঙৰ এই মোনাটোক লৈ চৰ্চা চলি থকাৰ মাজতে শেহতীয়াকৈ মোনাটোক লৈ মুখ খুলিছে নীৰ্মলা সীতাৰমণে। সংবাদমাধ্যমক মোনাটোৰ সন্দৰ্ভত বিত্তমন্ত্ৰী গৰাকীয়ে কয়- ' এই বেগটো মোক মায়ে বনাই দিছিল। ব্ৰীফকেচ মোৰ পছন্দৰ নহয়। এই পৰম্পৰা ইংৰাজৰ দিনৰে আছিল। মোক মায়ে এই মোনাটো বনাই দিয়াৰ পাছত পূজা-অৰ্চনা কৰি মোক দিছিল। মোনাটো যাতে ঘৰত প্ৰস্তুত কৰা যেন নালাগে তাৰ বাবে ওপৰত অশোক স্তম্ভ চিহ্নটো লগাইছিলো।'

নিৰ্মলা সীতাৰমণে লগতে কয়- ভাৰতবৰ্ষত সকলো ক্ষেত্ৰৰে পৰম্পৰা আছে।সকলো মাংগলিক কামতে
ৰঙা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰা হয়। গতিকে ময়ো বাজেট ৰঙা ৰঙৰ কাপোৰে মেৰিয়াই নিম বুলিয়ে ভাৱিছিলো। কিন্তু ঘৰত ক'লে বিভিন্ন নথি পত্ৰ যিহেতু থাকিব, গতিকে কাপোৰেৰে মেৰিয়াই নিয়োতো উচিত নহব। ইয়াৰ পাছতে মায়ে নিজ হাতেৰেই মোক এই মোনাটো চিলাই দিছিল।' উল্লেখ্য যে, বাজেট দাখিলৰ দিনা সংসদৰ মজিয়াত উপস্থিত আছিল সীতাৰমণৰ পিতৃ-মাতৃ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in