অৰুণাচলত দীপাৱলী উদযাপন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীথাৰমনৰ

অৰুণাচলত দীপাৱলী উদযাপন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীথাৰমনৰ

ডিজিটেল সংবাদ, ইটানগৰঃ বুধবাৰে দীপাৱলী উদযাপনৰ বাবে অৰুণাচলত উপস্থিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন৷ আজি ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে অৰুণাচল প্ৰদেশৰ আপাৰ ডিবাং ভেলী জিলাৰ আনিনিত উপস্থিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী৷

ভাৰতীয় সেনাবাহিনীৰ কেইবাজনো শীৰ্ষ বিষয়াৰ লগত চীন সীমান্তৰ জিলাখনত দীপাৱলী উদযাপনৰ বাবে প্ৰতিৰক্ষামন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ সীতাৰমনে বৃহস্পতিবাৰে অৰুণাচলৰ-চীন সীমান্তৰ আপাৰ ডিবাং ভেলী জিলাৰ দুটাকৈ সেনা চাউনীত সেনা বিষয়া আৰু জোৱানসকলৰ লগত দীপাৱলী উদযাপন কৰিব নিৰ্মলা সীতাৰমনে৷

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচলৰ আনিনি আৰু আন্দ্ৰালা ওমকাৰা নামৰ ঠাইখনত থকা সেনা শিবিৰ পৰিদৰ্শন কৰিব৷ উল্লেখ্য যে, আপাৰ ডিবাং ভেলীৰ আন্দ্ৰালা ওমকাৰা নামৰ শিবিৰটো চীনৰ সীমান্ত অঞ্চলৰ গাতে লাগি আছে৷ সেনাৰ এই শিবিৰটোলৈ যোৱাৰ বাবে কোনো পথ নাই৷ পদব্ৰজে প্ৰায় ৩০ কিলোমিটাৰ এই শিবিৰলৈ যাব লাগে৷ অৱশ্যে প্ৰতিৰক্ষা মন্ত্ৰী হেলিকপ্টাৰতহে শিবিৰটোলৈ যাব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in