কেইবাটাও কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে…

কেইবাটাও কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ডিমা হাচাও জিলাৰ লংখুত ১২০ মেগাৱাট সম্পন্ন নিম্ন কোপিলি জলবিদ্যুৎ শক্তি প্ৰকল্পৰ "ভূমি পূজন" কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, ডেবোলাল গোৰ্লোচা আৰু অন্যান্য ব্যক্তিসকল।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ডিমা হাচাও জিলাৰ দিয়ুংমুখত হাফলং টিনিয়ালিৰ পৰা ল'ৱাৰ হাফলংলৈ ৯০ কিলোমিটাৰ ২ লেনৰ ঘাইপথৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যসূচীৰ পাছতে তেওঁ গুৱাহাটী-উত্তৰ গুৱাহাটীসংযোগী দলং পৰিদৰ্শন কৰিবলৈ হেলিকপ্টাৰেৰে গুৱাহাটীৰ সোণাৰাম বৰুৱা পথাৰত উপস্থিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in